newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

সকাহ পাব কৰদাতাসকলে, আয়কৰ বিভাগে বৃদ্ধি কৰিলে প্ৰয়োজনীয় কৰ দাখিলৰ শেষ তাৰিখ

BNE News Desk , September 30, 2024
Spread the love
Share on Twitter

আয়কৰ আদায় দিয়া কৰদাতাসকলে আজি  সকাহ পাইছে। প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় ব’ৰ্ড অৰ্থাৎ চিবিডিটিয়ে যোৱা বছৰৰ অৰ্থাৎ ২০২৩-২৪ চনৰ বাবে পৃথক অডিট প্ৰতিবেদন দাখিলৰ শেষ সময়সীমা বৃদ্ধি কৰিছে। আচলতে আজি ৩০ ছেপ্টেম্বৰ তাৰিখে আয়কৰ নিৰীক্ষণ প্ৰতিবেদন দাখিলৰ অন্তিম তাৰিখ কিন্তু কিছুমান কৰদাতাই সন্মুখীন হোৱা কাৰিকৰী অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আয়কৰ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
   
আয়কৰ নিৰীক্ষণ প্ৰতিবেদন দাখিলৰ অন্তিম তাৰিখ ৭ দিন বৃদ্ধি কৰা হৈছে। ২০২৪ চনৰ ৭ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াক বৃদ্ধি কৰাৰ কাৰণ হ’ল অডিট ৰিপ’ৰ্ট দাখিল কৰাৰ ক্ষেত্ৰত বিশেষকৈ ইলেক্ট্ৰনিক ফাইলিঙৰ ক্ষেত্ৰত কৰদাতাসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত প্ৰয়োজনীয় হৈ পৰিছে। আজি অন্তিম তাৰিখৰ পূৰ্বেও চিবিডিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰি বৃহৎ সংখ্যক অডিট ৰিপৰ্ট দাখিল কৰা কৰদাতাসকলক সুবিধা প্ৰদান কৰিছে।
 
অডিট হোৱা বহু কৰদাতাই প্ৰথমে অডিট ৰিপৰ্ট দাখিল কৰিব লাগে আৰু তাৰ পিছত অডিট ৰিপৰ্টৰ সৈতে কৰ জমা দিব লাগে। যদিহে কৰদাতাসকল পিছ পৰি থাকে বা অডিট ৰিপৰ্ট দাখিল কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ ওপৰত আৰোপ কৰা জৰিমনা ১.৫ লাখ টকা পৰ্যন্ত হ’ব পাৰে। সেয়ে আজি কৰদাতাসকলে এই কামটো কৰিবলৈ আৰু ৭ দিনৰ সময় পাইছে যাতে তেওঁলোকে সময়মতে অডিট ৰিপৰ্ট দাখিল কৰিব পাৰে। এতিয়া আয়কৰ বিভাগে শেষ তাৰিখ বৃদ্ধি কৰিছে।