আইচিআইচিআই বেংকৰ গ্ৰাহকসকলৰ বাবে এটা ডাঙৰ খবৰ, যাৰ বিষয়ে ইতিমধ্যে বেংকে ই-মেইলযোগে অৱগত কৰিছে। ১৪ ডিচেম্বৰৰ নিশা ১১:৫৫ বজাৰ পৰা ১৫ ডিচেম্বৰৰ পুৱা ০৬:০০ বজালৈ বেংকে ৰক্ষণাবেক্ষণৰ কাম কৰিব। ইয়াৰ ফলত বেংকৰ আৰ টি জি এছ (ৰিয়েল টাইম গ্ৰছ চেটলমেণ্ট চাৰ্ভিচ) প্ৰভাৱ পৰিব। এই সময়ছোৱাত আৰ টি জি এছৰ জৰিয়তে ধনৰ লেনদেন সম্ভৱ নহ’ব। অৱশ্যে এই সময়ছোৱাত গ্ৰাহকে আইম’বাইল বা ইণ্টাৰনেট বেংকিঙৰ সহায়ত এন ই এফ টি, আই এম পি এছ আৰু ইউ পি আইৰ জৰিয়তে ধন স্থানান্তৰ কৰিব পাৰিব।
আৰ টি জি এছ হৈছে ধন স্থানান্তৰৰ প্ৰক্ৰিয়া, য’ত এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰা হয়। ইণ্টাৰনেট বেংকিং, আইম’বাইল পে এপ বা পকেটছ এপৰ দৰে অনলাইন মোডৰ জৰিয়তে কৰা আৰটিজিএছত কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব। অৱশ্যে জি এছ টিৰ উপৰিও বেংকৰ যিকোনো শাখাৰ পৰা ২ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত আৰ টি জি এছৰ লেনদেনত ২০ টকা চাৰ্জ লোৱা হ’ব।
ইয়াৰ উপৰিও ৫ লাখৰ পৰা ১০ লাখ টকাৰ লেনদেনত ৪৫ + জি এছ টি আদায় দিব লাগিব। ফাণ্ড ট্ৰেন্সফাৰৰ বাৰ্তা পোৱাৰ ৩০ মিনিটৰ ভিতৰতে একাউণ্টত জমা হয় ধন।
ইচ্ছা কৰিলে আৰ টি জি এছৰ জৰিয়তেও আগতীয়াকৈ লেনদেনৰ সময় নিৰ্ধাৰণ কৰিব পাৰে, যিকোনো তিনিটা কৰ্মদিনৰ। আৰ টি জি এছত যি দুটা বেংক একাউণ্টৰ মাজত ধন ট্ৰেন্সফাৰ কৰিব লাগে তাৰ সম্পূৰ্ণ বিৱৰণ দিব লাগে। যিটো বেংক একাউণ্টলৈ ধন পঠিয়াব লাগে তাৰ আই এফ এছ চিও প্ৰয়োজনীয়।
নেট বেংকিঙৰ জৰিয়তে আৰ টি জি এছ ব্যৱহাৰ কৰি ধনৰ লেনদেন কৰাটোও অতি সহজ। প্ৰথমে লগ ইন কৰক আৰু যিজন ব্যক্তিলৈ টকা পঠিয়াব লাগে তাৰ সবিশেষ যোগ কৰক। ইয়াৰ পিছত ‘Funds Transfer’ টেবৰ অন্তৰ্গত ‘Payments and Transfer’ টেবলৈ গৈ ‘Add a Payee’ বিকল্পত ক্লিক কৰক।
ALSO READ: ছিৰিয়া গৃহযুদ্ধঃ ছিৰিয়াৰ গৃহযুদ্ধৰ ফলত ভাৰতৰ পাকঘৰ প্ৰভাৱিত হ’ব, শক্তি সহযোগিতাৰো পৰিব পাৰে প্ৰভাৱ
ইয়াৰ পিছত ‘অন্য বেংক পেয়ী’ বিকল্পত গৈ হিতাধিকাৰীৰ বেংক একাউণ্টৰ সবিশেষ বা ক্ৰেডিট কাৰ্ড নম্বৰ প্ৰৱেশ কৰক। আই এফ এছ চি ক’ডৰ সৈতে বেংক আৰু শাখাৰ নাম লিখক। এতিয়া ‘Confirm’ ত ক্লিক কৰক। ইয়াৰ লগত অহা OTP টো প্ৰৱেশ কৰক। পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে ধন ট্ৰেন্সফাৰ কৰা হয়।