newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

12 দিনীয়াকৈ হ'ব 'বিকাশৰ দিন ' । লাখ লাখ শিক্ষাৰ্থী, মহিলালৈ ভাল খবৰ!

Darshana Borah , December 11, 2024
Spread the love
Share on Twitter

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি সৰুসজাই ষ্টেডিয়ামত প্ৰজ্ঞান ভাৰতী আচঁনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীৰ মাজত স্কুটি আৰু চাইকেল বিতৰণ কৰে । বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যত ১২ দিনীয়াকৈ অনুষ্ঠিত হ'ব বিকাশৰ দিন । অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আচঁনিৰ সম্ভাৰেৰে বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ তথা আচঁনিৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । 
       
উল্লেখযোগ্য যে ৰাজ্যৰ ৬৪৯০ গৰাকী গোটৰ মহিলাক ২১ কোটি টকাৰ মূলধন আগবঢ়াব। ৩ লাখ বানত আক্ৰান্ত লোকক ৩৭০ কোটিৰ বান সাহাৰ্য প্ৰদান কৰা হ'ব । অহা ১৫ ডিচেম্বৰত ২০ লাখ লোকক পৰিয়াল পৰিচয় বা ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলিও তেওঁ কয়। ইয়াৰ উপৰিও ১২৫০০ কৈ টকা দিয়া হৈছে মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীক ।


তেওঁ লগতে ঘোষণা কৰে যে ২০২৫ ৰ ভিতৰত গোলাঘাট- বিশ্বনাথৰ মাজত নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ মাজত সুৰঙ্গ নিৰ্মাণৰ কাম । বৰাকৰ ওপৰতো চলি আছে ৬ খনকৈ দলঙৰ নিৰ্মাণৰ কাম । বিকাশৰ এই ১২ দিনত ১১ লাখ লোক উপকৃত হ'ব । লগতে ঋণ ৰেহাই পোৱা মহিলাক বিতৰণ কৰা হ'ব ঋণমুক্তিৰ প্ৰমাণ পত্ৰ । 

ALSO READ: মহিন্দ্ৰা ছাষ্টেনৰ ক্লীন টেক আৰ্মে ১৪৪৮ কোটি টকাৰ টাৰ্ম লোন লাভ কৰিছে
     
২৩ খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে আৰু এই বছৰেই দৰং, হোজাই আৰু হাইলাকান্দিত তিনিখন নতুন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি তেওঁ ঘোষণা কৰে । ইয়াৰ উপৰিও ৰাজ্যৰ প্ৰতিখন জিলাতেই স্থাপন হ'ব এখনকৈ বিশ্ববিদ্যালয়।