গুৱাহাটীৰ হোটেল নভ'টেলত পেট্ৰ'লিয়াম আৰু নেচাৰেল গেছ ৰেগুলেটৰী ব'ৰ্ডে এটা বিশেষ ৱৰ্ক আৰম্ভ কৰিছে । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ৱৰ্কচপৰ প্ৰধান লক্ষ্য হৈছে সজাগতা। অসমত এইধৰণৰ অনুষ্ঠান প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিছে অসম গেছ কোম্পানী লিমিটেড চমুকৈ AGCL য়ে।
ইয়াত ভাৰতৰ প্ৰায় ২০ টা City Gas Distribution Company (CGD), তেওঁলোকৰ প্ৰজেক্ট , চেফটিৰ ওপৰত আলোচনা কৰা হৈছে । চেফটিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে কাৰণ অহা দিনবোৰত CGD expansion বহুত বহল পৰিসৰত হ'ব।
উল্লেযোগ্য যে অহা ১০ বছৰৰ ভিতৰত পেট্ৰ'ল, ডিজেলৰ Consumption বহু পৰিমাণে কমি যাব । চৰকাৰে Futute alternative fuel ৰ ব্যৱহাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দি আছে । বিশেষকৈ ৰন্ধন গেছ তথা মিথেন গেছ আৰু CNG চালিত বাহনৰ ওপৰতো যথেষ্ট গুৰুত্ব দি থকা হৈছে । লগতে গ্ৰীণ গেছৰ ওপৰতো। ইয়াৰ উপৰিও হাইড্ৰ'জেন, গ্ৰীণ হাইড্ৰ'জেন আৰু Future Alternative Fuel ৰ ওপৰত গুৰুত্ব দি থকা হৈছে ।
বৰ্তমান সময়ত ক্ৰমাৎ বৃদ্ধি পাইছে সেউজ শক্তি তথা গ্ৰীণ গেছৰ গুৰুত্ব। গুৱাহাটী মহানগৰীটো দেখা গৈছে CNG চলিত বাছ তথা বাহন ।
বিজনেছ নৰ্থ ইষ্টৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰ্তমানৰ Chief Manager & HOD ( CGD), AGCL ৰ ৰিপুঞ্জয় ফুকনে এই প্ৰসংগত কি কৈছিল শুনো আহক ।