চীন, মেক্সিকো আৰু কানাডাৰ ওপৰত আমেৰিকাই গধুৰ শুল্ক আৰোপ কৰাৰ বাবে সমগ্ৰ বিশ্বতে বাণিজ্য যুদ্ধৰ ভাবুকি আহি পৰিছে। ভাৰতৰ বিদেশী বিনিয়োগকাৰীও এই কথাত ভয় খাইছে। খোদ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ৭৩৪২ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত এফ পি আইয়ে ভাৰতীয় বজাৰৰ পৰা ৭৮,০২৭ কোটি টকা উলিয়াইছিল, আনহাতে ডিচেম্বৰ মাহত ১৫,৪৪৬ কোটি টকা বিনিয়োগ কৰিছিল। বিশেষজ্ঞসকলৰ মতে, বিশ্বব্যাপী কাৰকৰ বাবে বিদেশী বিনিয়োগকাৰীয়ে ভাৰতৰ বজাৰৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।
ষ্টক মাৰ্কেটৰ বিশেষজ্ঞসকলে কয় যে বিশ্বব্যাপী কাৰকৰ অনিশ্চয়তাৰ বাবে বিদেশী বিনিয়োগকাৰীয়ে ৰিস্ক নোলোৱাটো বাছি লৈছে। ইয়াৰ বাবেই তেওঁলোকে ভাৰতৰ দৰে উদীয়মান বজাৰৰ পৰা আঁতৰি আহিছে। ভাৰতীয় মুদ্ৰাও দুৰ্বল হৈ প্ৰথমবাৰৰ বাবে প্ৰতি ডলাৰত ৮৭ টকাৰ তললৈ নামিছে। টকাৰ দুৰ্বলতাৰ বাবে বিদেশী বিনিয়োগকাৰীৰ লাভো কমি যায় আৰু ভাৰতত বিনিয়োগ তেওঁলোকৰ বাবে এতিয়া লাভজনক নহয়। ইয়াৰ ফলত এফপিআইকো বিক্ৰী কৰিবলৈ বাধ্য হৈছে।
ষ্টক মাৰ্কেটৰ বিশেষজ্ঞসকলৰ মতে ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা পদক্ষেপৰ বাবে এফ পি আইৰ বিক্ৰী হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মূল কাৰণ হ’ল ডলাৰ সূচকাংকৰ কোমল হোৱাৰ ধাৰাও। আমেৰিকাৰ বণ্ডতো এতিয়া দুৰ্বলতা দেখা গৈছে। ইয়াৰ উপৰিও ভাৰতীয় শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীৰ অস্তিত্বও অৰ্থনৈতিক বৃদ্ধি আৰু কোম্পানীসমূহৰ উপাৰ্জনৰ উন্নতিৰ ওপৰত নিৰ্ভৰ কৰিব। মন কৰিবলগীয়া যে ২০২৪ চনত এফ পি আইয়ে ভাৰতীয় শ্বেয়াৰত মাত্ৰ ৪২৭ কোটি টকাৰ নিকা বিনিয়োগ কৰিছিল। ইয়াৰ পূৰ্বে ২০২৩ চনত ১.৭১ লাখ কোটি টকাৰ নিকা বিনিয়োগ কৰা হৈছিল।