newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এল আই চিৰ শ্বেয়াৰৰ মূল্য: এল আই চিয়ে এই কোম্পানীসমূহক নিজৰ পৰ্টফলিঅ’ত অন্তৰ্ভুক্ত কৰিছে, আপোনাৰ এই ষ্টকসমূহ আছেনে?

BNE News Desk , February 10, 2025
Spread the love
Share on Twitter

ক্ষুদ্ৰ আৰু খুচুৰা বিনিয়োগকাৰীয়ে প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ কোনবোৰ ষ্টক প্ৰিয় সেইটো চাই নিজৰ পৰ্টফলিঅ’ প্ৰস্তুত কৰে। লগতে, কোনবোৰ শ্বেয়াৰ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী আৰু মিউচুৱেল ফাণ্ডে ক্ৰয় কৰিছে আৰু কোনবোৰ বিক্ৰী হৈছে বা কোনবোৰত তেওঁলোকে নিজৰ অংশীদাৰিত্ব হ্ৰাস কৰিছে। ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী এল আই চি দেশৰ অন্যতম বৃহৎ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত বিদেশী বিনিয়োগকাৰীয়ে যথেষ্ট বিক্ৰী কৰিছে। এল আই চিত বিক্ৰীৰ বাবে শ্বেয়াৰৰ মূল্য বৃহৎ হ্ৰাসৰ পিছত তৃতীয় ত্ৰৈমাসিকত ১৯৪০০ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰা হয়।

বজাৰৰ আৱেগ অৱনতি ঘটিলেও দ্বিতীয় ত্ৰৈমাসিকত ১৮,০৯৪ কোটি টকাৰ ষ্টক ক্ৰয় কৰাৰ বিপৰীতে তৃতীয় ত্ৰৈমাসিকত এল আই চিয়ে ১৯,৪০০ কোটিতকৈ অধিক মূল্যৰ শ্বেয়াৰ ক্ৰয় কৰে। অৱশ্যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত এই পৰিমাণ ২৩৫১৬ কোটিতকৈও কম। মানিকণ্ট্ৰলে primeinfobase.com ৰ উদ্ধৃতিৰে জনোৱা মতে, অক্টোবৰ-ডিচেম্বৰৰ ত্ৰৈমাসিকত এল আই চিয়ে নিজৰ পৰ্টফলিঅ’ত ৮টা নতুন কোম্পানীৰে শ্বেয়াৰ সংযোজন কৰিছে, ৮১টা কোম্পানীত অংশীদাৰিত্ব বৃদ্ধি কৰিছে আৰু ৮৭টা কোম্পানীত অংশীদাৰিত্ব হ্ৰাস কৰিছে। এল আই চিৰ পৰ্টফলিঅ’ত আছে ২৮৬ টা ষ্টক যাৰ মূল্য প্ৰায় ১৫.২৯ লাখ কোটি টকা। আনহাতে দ্বিতীয় ত্ৰৈমাসিকৰ শেষত এল আই চিৰ পৰ্টফলিঅ’ৰ মূল্য আছিল ১৬.৭৬ লাখ কোটি টকা।

তৃতীয় ত্ৰৈমাসিকত এল আই চিয়ে নিজৰ পৰ্টফলিঅ’ত অন্তৰ্ভুক্ত কৰা কোম্পানীসমূহৰ ভিতৰত আছে মাৰুতি চুজুকি, নেচলে ইণ্ডিয়া, পি এণ্ড জি (প্ৰক্টাৰ এণ্ড গেম্বল হাইজিন), এন এম ডি চি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু হিন্দুস্তান জিংকে তৃতীয় ত্ৰৈমাসিকত আই পি অ’ অনা হুণ্ডাই মটৰ ইণ্ডিয়া, এন টি পি চি গ্ৰীণ এনাৰ্জী, কোচিন শ্বিপয়াৰ্ড, ৰামকৃষ্ণ ফৰ্জিংছ, আৰ বি এল বেংক আৰু অ চি চি এল লিমিটেডে বিনিয়োগ কৰিছে। আনহাতে টাটা পাৱাৰ, ইনফ’ছিছ, এইচচিএল টেকন’লজিছ, টিচিএছ, ডিভিছ লেব, আইচিআইচিআই বেংক, ছান ফাৰ্মা আৰু বেদান্তাই নিজৰ অংশীদাৰিত্ব হ্ৰাস কৰিছে।

ALSO READ: CM हिमन्त बिस्व सर्माआ सिंगापुर दावबायगोन Advantage Assam 2.0 जथुम्मानि मुलाम्फाखौ फोसावनो

এল আই চি আৰু মিউচুৱেল ফাণ্ডকে ধৰি অন্যান্য ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবেই বিদেশী বিনিয়োগকাৰীৰ বিপুল বিক্ৰীৰ পিছতো ভাৰতীয় শ্বেয়াৰ বজাৰ জীয়াই আছে। তৃতীয় ত্ৰৈমাসিকত ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ১.৮৬ লাখ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰাৰ বিপৰীতে বিদেশী বিনিয়োগকাৰীয়ে ১১,৭৮৮ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰে।