newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আগষ্টৰ বিত্তীয় পৰিৱৰ্তনঃ ১ আগষ্টৰ পৰা হ‘বলগীয়া এই বিত্তীয় পৰিৱৰ্তনে পকেটৰ পৰা আৰম্ভ কৰি কোষাগাৰলৈকে সকলোতে প্ৰভাৱ পেলাব

BNE News Desk , July 31, 2024
Spread the love

আগষ্ট মাহ আৰম্ভ হ’বলৈ ওলাইছে। নতুন মাহটোৰ লগে লগে আহে বহু আৰ্থিক পৰিৱৰ্তন, যিয়ে সাধাৰণ মানুহৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ইয়াৰ ভিতৰত আছে এল পি জি চিলিণ্ডাৰৰ দামৰ পৰা আৰম্ভ কৰি বেংকৰ ছুটী আৰু আই টি আৰ দাখিলৰ জৰিমনা। এই বিষয়ে জানি লওক।

১/ এল পি জি চিলিণ্ডাৰৰ দাম সলনি হব পাৰে প্ৰতি মাহৰ প্ৰথম দিনাই তেল কোম্পানীসমূহে বাণিজ্যিক আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰে। জুলাই মাহত চৰকাৰে চিলিণ্ডাৰৰ দাম হ্ৰাস কৰিছিল। এই মাহতো চৰকাৰে চিলিণ্ডাৰৰ দাম হ্ৰাস কৰিব পাৰে বুলি আশা কৰা হৈছে।

২/ এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি কৰা এইচ ডি এফ চি বেংকে ১ আগষ্টৰ পৰা ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া আপুনি HDFC Bank ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পেমেণ্ট কৰক বা CRED, Cheq, MobiKwik, Freecharge আদি তৃতীয় পক্ষৰ এপ ব্যৱহাৰ কৰক, লেনদেনৰ ধনৰ ওপৰত এক শতাংশ ধন দিব লাগিব। ইয়াৰ সীমা ৩০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। একে সময়তে ১৫ হাজাৰতকৈ অধিক ইন্ধনৰ লেনদেনত এক শতাংশ চাৰ্ভিচ চাৰ্জ দিব লাগিব। টাটা নিউ ইনফিনিটি আৰু টাটা নিউ প্লাছ ক্ৰেডিট কাৰ্ডৰ নিয়মতো পৰিৱৰ্তন কৰা হৈছে।

৩/ গুগল মেপৰ সেৱা সস্তা হৈ পৰে ভাৰতত গুগল মেপৰ সেৱা সস্তা হ’বলৈ গৈ আছে। এই নিয়মসমূহ ২০২৪ চনৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। এতিয়া গুগল মেপ সেৱাৰ বাবে আপুনি ৭০ শতাংশ কম ধন দিব লাগিব। ইয়াৰ জৰিয়তে এতিয়া আপুনি ডলাৰৰ সলনি টকাত গুগল সেৱাৰ মাচুল দিব পাৰিব।

৪/ কিমান দিন বেংক বন্ধ থাকিব?

আগষ্ট মাহত বেংকৰ ছুটী থাকিব। ২০২৪ চনৰ আগষ্ট মাহত মুঠ ১৪ দিন বন্ধ থাকিব বেংক। ইয়াৰ ভিতৰত জন্মাষ্টমীৰ পৰা স্বাধীনতা দিৱসলৈকে বন্ধৰ দিন। এনে পৰিস্থিতিত যদি আপোনাৰ বেংকৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে ছুটীৰ তালিকাখন চাইহে কামলৈ ওলাই যাওক।

৫/ আই টি আৰ দাখিল কৰিলে জৰিমনা বিহা হব ২০২৩-২৪ বিত্তীয় বৰ্ষ আৰু ২০২৪-২৫ চনৰ মূল্যায়ন বৰ্ষৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাইত শেষ হ’ব। এনে পৰিস্থিতিত যদি আপুনি ১ আগষ্টৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত ৰিটাৰ্ণ দাখিল কৰে তেন্তে ১০০০ টকাৰ পৰা ৫০০০ টকালৈকে জৰিমনা ভৰিব লাগিব।