newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বিগত বৰ্ষত ৩ কোটি ৰাজহ সংগ্ৰহ: ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থমেলা ২০২৪

Darshana Borah , September 25, 2024
Spread the love

অহা ৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ২০২৪। প্ৰথম খন অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব দুলীয়াজানত।  ১৫ নবেম্বৰত যোৰহাট আৰু নলবাৰীত । ইয়াৰ পিছতেই ২৮ ডিচেম্বৰত অসম গ্ৰন্থমেলাৰ চতুৰ্থখন গ্ৰন্থমেলা অনুষ্ঠিত হ'ব গুৱাহাটীত।  বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে বিগত বর্ষত গুৱাহাটী গ্ৰন্থমেলাত ৬ কোটি, যোৰহাট গ্ৰন্থ মেলাত ১ কোটি আৰু নলবাৰীত ৫০ লাখ টকা লাভ কৰিবলৈ সক্ষম হয় ।
 
ইয়াৰ উপৰিও বিগত বর্ষত অসম গ্ৰন্থমেলাৰ পৰা ৰাজহ সংগ্ৰহ হয় ৩ কোটি টকা। উল্লেখযোগ্য যে উৰণীয়া সেতু নিৰ্মাণ কৰি থকাৰ বাবে এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলা চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে খানাপাৰা ফিল্ডত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও বহু কেইটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰটো প্ৰমোদ কলিতাই মন্তব্য আগবঢ়াই। চাওঁক এই বিশেষ প্ৰতিবেদন ।