গুৱাহাটী: প্ৰায় ২৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে জু-ৰোডৰ নৱ-নিৰ্মিত উৰণ সেঁতু। মহানগৰবাসীৰ বাবে নিশ্চয়কৈ এক সু-খবৰ। কিয়নো মহানগৰবাসীৰ যি দীৰ্ঘদিনীয়া যি জু-ৰোডৰ যান-জঁটৰ সমস্যা সেই সমস্যা কিছুদিনৰ পিছতেই দূৰ হ‘ব। অহা ১৮ অক্টোবৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই উৰণ সেঁতুখন। এই ফ্লাই অভাৰখনৰ দৈৰ্ঘ্য প্ৰায় ২.৩ কি.মি। উল্লেখযোগ্য যে ২০২১ চনৰ পৰাই নিৰ্মাণ কৰি থকা হৈছে এই ফ্লাই অভাৰখন।