কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (ইপিএফঅ’) অতি সোনকালে নিজৰ নতুন প্লেটফৰ্ম ইপিএফঅ’ ৩.০ মুকলি কৰিব। এই শক্তিশালী আই টি প্লেটফৰ্মৰ জৰিয়তে সদস্যসকলক বেংকৰ দৰে সুবিধা প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডবিয়াই যোৱা মাহত কৈছিল যে এই নতুন ব্যৱস্থা ২০২৫ চনৰ মে’ৰ পৰা জুন মাহৰ ভিতৰত কাৰ্যকৰী হ’ব I
তেওঁ কৈছিল যে ইপিএফঅ’ ৩.০ এনে এক নিৰ্ভৰযোগ্য মঞ্চ হ’ব, যিয়ে ইয়াৰ ৯ কোটিতকৈ অধিক গ্ৰাহকক কোনো ধৰণৰ হেঁচা নোহোৱাকৈ বহু নতুন সুবিধা প্ৰদান কৰিব। যেনে দাবী নিষ্পত্তি স্বয়ংক্ৰিয় হ’ব, ভুলবোৰ ডিজিটেলভাৱে শুধৰোৱা হ’ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আপুনি এটিএমৰ পৰা পোনপটীয়াকৈ পিএফৰ ধন উলিয়াব পাৰিব, কিয়নো বেংক একাউণ্টত ৰখা ধন এটিএমৰ পৰা উলিওৱা হয়। আজি আমি এই খবৰৰ জৰিয়তে আপোনালোকক জনাম যে ইপিএফঅ’ ৩.০- ৩.০ ত কি নতুন পৰিৱৰ্তন হ’ব।
পি এফৰ ধন উলিওৱাৰ প্ৰক্ৰিয়া পূৰ্বতকৈ সহজ আৰু ক্ষীপ্ৰ হৈ পৰিব। দাবী নিষ্পত্তিও স্বয়ংক্ৰিয়ভাৱে হ’ব, হাতেৰে কাম কৰাৰ প্ৰয়োজন নাথাকিব।
দাবী অনুমোদন হোৱাৰ পিছত আপুনি বেংক একাউণ্টৰ দৰে এটিএমৰ পৰা পোনপটীয়াকৈ ধন উলিয়াব পাৰিব।
আপোনাৰ একাউণ্টত দিয়া যিকোনো তথ্য আপুনি ঘৰৰ পৰাই অনলাইনযোগে শুধৰণি কৰিব পাৰিব, যাৰ ফলত প্ৰ-পত্ৰ পূৰণৰ হেঁচা নাইকিয়া হ’ব।
ALSO READ: অৰ্থনৈতিক বিকাশৰ অনুঘটক হিচাপে একাধিক আন্তঃগাঁথনি প্ৰকল্পৰ আলোকপাত
ইপিএফঅ’ই এতিয়া অটল পেঞ্চন যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন বীমা যোজনাৰ দৰে অন্যান্য সামাজিক সুৰক্ষা আঁচনি নিজৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰিছে যাতে অসংগঠিত আৰু অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলেও পেঞ্চন আৰু নিৰাপত্তাৰ উন্নত সুবিধা লাভ কৰিব পাৰে।
এতিয়া দীঘলীয়া প্ৰ-পত্ৰ পূৰণৰ পৰিৱৰ্তে অ’টিপিৰ জৰিয়তে দ্ৰুত আৰু নিৰাপদে প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব পৰা যাব।
ইয়াৰ উপৰিও ইপিএফঅ’ই পেঞ্চনাৰসকলক উন্নত সুবিধা প্ৰদানৰ বাবে কেন্দ্ৰীভূত পেঞ্চন পেমেণ্ট চিষ্টেম (চিপিপিএছ)ও আৰম্ভ কৰিছে। ইয়াৰ অধীনত দেশৰ যিকোনো বেংকৰ যিকোনো শাখাৰ পৰা পেঞ্চনৰ ধন লাভ কৰিব পাৰিব। এই পদক্ষেপ পেঞ্চনাৰসকলৰ বাবে সুবিধাজনক হ’ব।
কৰ্মচাৰী ৰাজ্যিক বীমা নিগমেও নিজৰ সুবিধাসমূহ উন্নীত কৰিছে। অতি শীঘ্ৰে ই এছ আই চিৰ হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চৰকাৰী, ব্যক্তিগত আৰু দাতব্য চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰিব। বৰ্তমান ই এছ আই চিয়ে ১৬৫খন চিকিৎসালয়ৰ জৰিয়তে ১৮ কোটি লোকক চিকিৎসাৰ সুবিধা প্ৰদান কৰি আছে।