newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

২০২৫ চনত ডলাৰৰ বিপৰীতে টকা শক্তিশালী হ’ব নে আৰু দুৰ্বল হ’ব?

BNE News Desk , December 4, 2024
Spread the love
Share on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছৰে পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ভাৰতীয় মুদ্ৰা এটা ডলাৰৰ বিপৰীতে প্ৰায় ৮৫ টকালৈ হ্ৰাস পাইছে। ২ ডিচেম্বৰত এটা ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮৪.৭৬ টকাৰ স্তৰলৈ নামি আহিছিল। ট্ৰাম্পৰ বিজয়ৰ পিছৰে পৰা ডলাৰ সূচকাংক শক্তিশালী হৈ আহিছে আৰু জানুৱাৰী মাহত হোৱাইট হাউছত প্ৰৱেশ কৰাৰ পিছত ডলাৰ আৰু অধিক শক্তিশালী হ’ব আৰু টকাকে ধৰি অন্যান্য মুদ্ৰা দুৰ্বল হ’ব বুলি জল্পনা-কল্পনা চলিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ২০২৫ চনৰ নতুন বছৰত টকা কিমান কমি যাব?

ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে আমেৰিকালৈ অহা বিদেশী সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিব পাৰে, যাৰ ফলত গ্ৰাহকে এই সামগ্ৰী ক্ৰয় কৰাত ব্যয়বহুল হ’ব। ইয়াৰ বাবেই মুদ্ৰাস্ফীতি বৃদ্ধিৰ আশংকা। ট্ৰাম্পৰ এই সিদ্ধান্তৰ আশংকাত আমেৰিকাৰ চেণ্ট্ৰেল বেংক ফেডাৰেল ৰিজাৰ্ভে উচ্চ হাৰত সুতৰ হাৰ বজাই ৰাখিব লাগিব। কেন্দ্ৰীয় বেংকৰ এই সিদ্ধান্তৰ বাবে ডলাৰ শক্তিশালী হ’ব পাৰে। ড’নাল্ড ট্ৰাম্পে তেওঁৰ বাণিজ্য নীতিৰ অধীনত আমদানিৰ ওপৰত ১০ শতাংশতকৈ অধিক শুল্ক আৰোপ কৰিব পাৰে, যাৰ ফলত টকাৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে টকাৰ অধিক দুৰ্বলতা দেখা যায়।

টকাৰ দুৰ্বলতা ৰোধ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে যৎপৰোনাস্তি চেষ্টা কৰিছে। টকাৰ পতন আটক কৰিবলৈ আৰ বি আইয়ে বৃহৎ পৰিসৰত বিদেশী মুদ্ৰাৰ মজুতৰ পৰা ডলাৰ বিক্ৰী কৰিছে। ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭০৪.৮৮ বিলিয়ন ডলাৰৰ অভিলেখ সৃষ্টি কৰিছিল, যিটো ২০২৪ চনৰ ২২ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত ৬৫৬.৫৮ বিলিয়ন ডলাৰৰ স্তৰলৈ নামি আহিছে। অৰ্থাৎ দুমাহত প্ৰায় ৫০ বিলিয়ন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পাইছে। ইয়াৰ মূল কাৰণ হ’ল অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতীয় শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীয়ে বিক্ৰী কৰা, আনহাতে দ্বিতীয়টো ডাঙৰ কাৰণত আছে টকাৰ সহায়ৰ বাবে আৰ বি আইয়ে বিক্ৰী কৰা ডলাৰ। বিদেশী বিনিয়োগকাৰীয়ে অক্টোবৰ মাহত ১১ বিলিয়ন ডলাৰ আৰু নৱেম্বৰ মাহত ১.৫ বিলিয়ন ডলাৰৰ শ্বেয়াৰ বিক্ৰী কৰিছিল।

২০২৪ চনৰ অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশ অতিক্ৰম কৰাৰ লগতে খাদ্যৰ মুদ্ৰাস্ফীতিৰ হাৰ ১১ শতাংশৰ ওচৰ চাপি অহাৰ বাবেও টকা দুৰ্বল হোৱাৰ কথাই ইন্ধন যোগাইছে। আৰ বি আই আৰু চৰকাৰৰ অনুমানৰ বিপৰীতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৫.৪ শতাংশলৈ হ্ৰাস পাইছে। উৎপাদন খণ্ডৰ বৃদ্ধি আটাইতকৈ দুৰ্বল হৈ পৰিছে। ভাৰতীয় অৰ্থনীতিৰ এই দুৰ্বলতাৰ বাবে আগন্তুক মাহত আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। টকা দুৰ্বল হ’লে দেশৰ মুদ্ৰাস্ফীতি আৰু বৃদ্ধি পাব পাৰে কাৰণ আমদানি ব্যয়বহুল হৈ পৰিব। মোটিলাল ওছৱাল ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডৰ ৱেলথ মেনেজমেণ্টৰ গৱেষণা মুৰব্বী সিদ্ধাৰ্থ খেমকাই কয় যে দ্বিতীয় ত্ৰৈমাসিকত জিডিপি বৃদ্ধিৰ হাৰ সাত মাহৰ নিম্নতম ৫.৪ শতাংশলৈ হ্ৰাস পাইছে। এনে পৰিস্থিতিত অৰ্থনীতিৰ এই দুৰ্বলতাৰ বাবে ভাৰতীয় টকা অভিলেখৰ নিম্ন স্তৰলৈ নামি আহিছে।

ALSO READ: আই পি অ’ৰ ধন সুতসহ ঘূৰাই দিব লাগিব, এই কোম্পানীটোৰ বিৰুদ্ধে  ল’লে ঐতিহাসিক পদক্ষেপ

বিশেষজ্ঞসকলৰ মতে, যদিহে ডলাৰৰ বিপৰীতে টকাৰ মূল্য দুৰ্বল হৈ থাকে, তেন্তে আৰ বি আইয়ে আৰু অধিক হস্তক্ষেপ কৰিব পাৰে, যাৰ ফলত বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস পাব। লগতে বৰ্তমান বিশ্বৰ পৰিস্থিতিত ২০২৫ চনত টকাৰ শক্তিশালী হোৱাৰ সম্ভাৱনা অতি কম বৰঞ্চ ডলাৰৰ বিপৰীতে টকা আৰু অধিক দুৰ্বল হ’ব পাৰে;