ডিজিটেল ইণ্ডিয়াৰ অধীনত ধন পৰিশোধ এতিয়া অনলাইন হ’বলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ইউ পি আই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ), মোবাইল ৱালেট, এন ই এফ টি (নেচনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰেন্সফাৰ), আৰ টি জি এছ (ৰিয়েল টাইম গ্ৰছ চেটলমেণ্ট), আই এম পি এছ ইমিডিয়েট পেমেণ্ট চাৰ্ভিচৰ দৰে বহুতো ইলেক্ট্ৰনিক পদ্ধতি আছে। ডিজিটেল পেমেণ্টে ধনৰ লেনদেন বহুত সহজ কৰি তুলিছে।
ইউ পি আই
ভাৰতত ধনৰ লেনদেনৰ বাবে ইউ পি আই এক পছন্দৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল বন্ধৰ দিনতো ই ২৪ ঘণ্টা কাম কৰে। গুগল পে, ফোনপে আৰু পেটিএমৰ দৰে ইউপিআই প্লেটফৰ্ম ব্যৱহাৰ কৰি কেইছেকেণ্ডমানৰ ভিতৰতে পেমেণ্ট কৰিব পাৰি। ইয়াৰ আন এটা বিশেষত্ব হ’ল বেছিভাগ পেমেণ্টতে কোনো মাচুল দিব নালাগে। এনে পৰিস্থিতিত ঘৰৰ ভাড়া দিবলগীয়া হওক বা গেলামালৰ বস্তু কিনিব লাগিব, ইউ পি আইৰ জৰিয়তে নিমিষতে ধন পৰিশোধ কৰা হয়।
ক্ৰেডিট লাইন
যোৱা শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ক্ষুদ্ৰ বিত্তীয় বেংকক ইউ পি আইৰ জৰিয়তে ঋণ দিবলৈ অনুমতি দিছিল। ইয়াৰ বাবে শীঘ্ৰে গাইডলাইন জাৰি কৰা হ’ব। ইয়াৰ লগে লগে দুৰ্গম গ্ৰাম্য অঞ্চলতো ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ঋণ সহজে উপলব্ধ হ’ব, যাৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব, কৰ্মসংস্থাপন বৃদ্ধি পাব আৰু গ্ৰাম্য অঞ্চলৰ অধিক উন্নয়ন হ’ব। ইয়াৰ পূৰ্বে ইউ পি আইৰ ওপৰত মাত্ৰ কেইটামান বাণিজ্যিক বেংককহে ঋণ দিবলৈ অনুমতি দিয়া হৈছিল।
NEFT
ভাৰতত আৰ বি আইৰ দ্বাৰা পৰিচালিত এই ইলেক্ট্ৰনিক পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে ঘৰুৱা পৰ্যায়ত বেংক একাউণ্টৰ মাজত ধন স্থানান্তৰ অতি সহজ হৈ পৰে। কিন্তু এই পদ্ধতিত আপুনি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতহে ধনৰ লেনদেন কৰিব পাৰিব।
ইউপিআইৰ তুলনাত পেমেণ্ট কৰিবলৈ কিছু সময় লাগে। কিন্তু নিৰ্ভৰযোগ্যতা আৰু সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা এন ই এফ টিয়ে বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ইউপিআইৰ দৰে স্মাৰ্টফোনৰ প্ৰয়োজন নাই, বৰঞ্চ ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে বা যিকোনো বেংকৰ শাখালৈ গৈ NEFT কৰিব পাৰিব। ধনৰ লেনদেনৰ এয়া পুৰণি পদ্ধতি। যিসকলৰ প্ৰযুক্তিৰ বিষয়ে বিশেষ বুজাবুজি নাই তেওঁলোকৰ বাবে এই পদ্ধতি উত্তম।
আৰ টি জি এছ
ধন স্থানান্তৰৰ এই কৌশলত এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰা হয়। অৱশ্যে ইয়াৰ জৰিয়তে ধন প্ৰেৰণৰ বাবে মাচুল লোৱা হয়। আৰ টি জি এছৰ জৰিয়তে একাউণ্টলৈ ধন অহাৰ লগে লগে প্ৰক্ৰিয়া আৰম্ভ হয়, যাৰ বাবে একাউণ্টধাৰীয়ে তৎক্ষণাত ধন লাভ কৰে।