newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভাৰতৰ অৰ্থনীতিৰ ওপৰত আস্থা আছে বিশ্বৰ, অসুবিধাৰ মাজতো  ৭ শতাংশত থাকিব গতি

BNE News Desk , September 23, 2024
Spread the love

ভাৰতৰ অৰ্থনীতিৰ ওপৰত বিশ্বৰ আস্থা শক্তিশালী হৈয়ে আছে। যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি ৮.২ শতাংশ গতিৰে বৃদ্ধি পাইছিল। এতিয়া দেশৰ আগশাৰীৰ একাউণ্টিং আৰু কনচালটেন্সি ফাৰ্ম ডেলয়টে অনুমান কৰিছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি প্ৰায় ৭ শতাংশ হাৰত বৃদ্ধি পাব। ডেলইটৰ অনুমান অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশখনৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ হ’ব পাৰে। ডেলইটৰ মতে বিশ্বৰ তুলনাত ভাৰতৰ প্ৰদৰ্শন ভৱিষ্যতেও ভাল হৈ থাকিব বুলি আশা কৰা হৈছে।
   
ডেল’ইট চাউথ এছিয়াৰ চিইঅ’ ৰোমাল শ্বেট্টীৰ মতে দেশত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে। গ্ৰামাঞ্চলত চাহিদা বাঢ়িছে। ইয়াৰ উপৰিও গাড়ীৰ বিক্ৰীও দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আমি আশা কৰিছো যে চলিত বিত্তীয় বৰ্ষত অৰ্থনৈতিক বিকাশৰ হাৰ ৭ৰ পৰা ৭.১ শতাংশ হ’ব পাৰে। এইটো আপোনাৰ বাবে কম যেন লাগিব পাৰে কিন্তু সত্যটো হ’ল আমি বিশ্বৰ আন দেশতকৈ ভাল প্ৰদৰ্শন কৰিবলৈ ওলাইছো। কিন্তু মধ্যপ্ৰাচ্য আৰু ইউক্ৰেইনত চলি থকা উত্তেজনা আৰু পশ্চিমীয়া দেশসমূহত অৰ্থনৈতিক মন্দাৱস্থাই আমাৰ জিডিপি বৃদ্ধিতো প্ৰভাৱ পেলাব।
 
ৰোমাল শ্বেট্টীৰ মতে, নৰেন্দ্ৰ মোডীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰৰ বাবে গঠন হোৱা চৰকাৰখনে ব্যক্তিগতকৰণকে ধৰি অৰ্থনৈতিক সংস্কাৰৰ সন্দৰ্ভত আগবাঢ়িছে। কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগে কামবোৰ অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ সাজু। বৰ্তমান ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি আৰু ৫ ট্ৰিলিয়ন ডলাৰৰ দিশে আগবাঢ়িছে। আমি এক দশকৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ম। খাৰুৱা তেলৰ মূল্য হ্ৰাসে ভাৰতক বহুখিনি সহায় কৰিছে। এতিয়া আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ (US Fed)য়েও সুতৰ হাৰ কৰ্তন কৰি ভাৰতৰ পথ সহজ কৰি তুলিছে।