দিছপুৰস্থিত লোকসেৱা ভৱনত বুধবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ড: ৰনোজ পেগুৰ উপস্থিতিত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক ধন মুকলি কৰি দিয়ে। মহাবিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তিৰ ওপৰত তেওঁ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
কোনো মহাবিদ্যালয়ে নামভৰ্তিৰ নামত যাতে ছাত্ৰ-ছাত্ৰীৰ পৰা এটকাও নলয় তাৰবাবে উপস্থিত থকা প্ৰতি গৰাকী অধ্যক্ষক সকীয়াই দিয়ে । উল্লেখযোগ্য প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এইসমূহ বিতৰণ কৰা হয়। বছৰি ২ লাখ টকাৰ তলত আয় থকা প্ৰতিখন ঘৰৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰি থকা হৈছে। শিক্ষামন্ত্ৰী ৰনোজ পেগুয়েও পেপাৰলেছ চিষ্টেমৰ ওপৰত গুৰুত্ব প্ৰদান কৰি টেকন'লজী ৰ ক্ষেত্ৰত গুৰুত্ব দিয়াক লৈ ভাষণ প্ৰদান কৰে। চাওঁক এই প্ৰতিবেদন।
ALSO READ: Tripura Power Minister urges Centre for re-launching of Power System Development Fund for NE