কাইলৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ বৰদিন । সমগ্র বিশ্বতে বৰদিনকলৈ উৎসাহ উদ্দীপনাৰ অন্ত নাই । গুৱাহাটী মহানগৰীটো দেখা গৈছে বৰদিনৰ উচাহ।
কিন্তু মহানগৰীৰ আটাইতকৈ ব্যস্ত বাণিজ্যিক কেন্দ্ৰস্থল ফাঁচী বজাৰত পূৰ্বতকৈ হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যা । বিজনেছ নর্থ ইষ্টৰ এক প্ৰতিবেদনত দেখা গৈছে যে পূৰ্বৰ বছৰবোৰৰ তুলনাত আৰ্থিক উপাৰ্জন কমি গৈছে ব্যৱসায়ীসকলৰ । প্ৰতিখন দোকানত বৰদিনৰ বাবে লাখ লাখ টকাৰ সামগ্ৰী আনিছে যদিও গ্ৰাহকৰ ভিৰ পূৰ্বতকৈ কম ।
ALSO READ: গুৱাহাটীত খ্ৰীষ্টমাছৰ পূৰ্বে মাৰ্কছ -মিৰাকেল উদযাপন
তথাপি প্ৰায়বোৰ দোকান ভৰি পৰিছে বিভিন্ন ধৰণৰ ছান্টা, এক্সমাছ ট্ৰী আদিৰে । ৫০ টকাৰ পৰা ৩৫০০ টকালৈকে সামগ্ৰী উপলব্ধ হৈছে দোকানবোৰত । চাওঁক এই প্ৰতিবেদন ।