newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বেংগালুৰু প্ৰকল্পত ৪৫০ কোটি টকাৰ বিলাসী ঘৰ বিক্ৰী কৰে চেঞ্চুৰী ৰিয়েল এষ্টেটে

BNE News Desk , September 25, 2024
Spread the love

বুধবাৰে চেঞ্চুৰী ৰিয়েল এষ্টেটে কয় যে তেওঁলোকে বেংগালুৰুৰ নতুন প্ৰকল্পত ৪৫০ কোটি টকাৰ গৃহ নিৰ্মাণ সম্পত্তি বিক্ৰী কৰিছে।

এক বিবৃতিত কোম্পানীটোৱে কয় যে বেংগালুৰুৰ ইন্দিৰানগৰত ‘ক’ডনেম বিল্ড ৰেয়াৰ’ নামৰ এক নতুন আল্ট্ৰা লাক্সাৰিয়াছ প্ৰজেক্ট আৰম্ভ কৰিছে।

কোম্পানীটোৱে “প্ৰথম পৰ্যায়ৰ প্ৰি-লঞ্চৰ সময়ত ৪৫০ কোটি টকা বিক্ৰী কৰিছে” বুলিও কোৱা হৈছে।

৮.৫ একৰ মাটিত বিস্তৃত এই প্ৰকল্প। ৩৪৭টা বিলাসী বাসগৃহৰ সৈতে দুটা পৰ্যায়ত মুকলি কৰা হ’ব আৰু দুয়োটা পৰ্যায়তে ২২০০ কোটি টকাৰ ৰাজহ আহৰণ কৰাৰ প্ৰকল্প কৰা হৈছে।

এম ডি ৰবীন্দ্ৰ পাইয়ে কয়, কোম্পানীটোৱে ইমান কম সময়ৰ ভিতৰতে ভাল সঁহাৰি পাইছে।

প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে বুলি কোম্পানীটোৱে জনায়।

১৯৭৩ চনত পি দয়ানন্দ পাই আৰু পি সতীশ পাইয়ে প্ৰতিষ্ঠা কৰা চেঞ্চুৰী ৰিয়েল এষ্টেট হোল্ডিংছ প্ৰাইভেট লিমিটেড হৈছে এক সংহত, সম্পূৰ্ণ সেৱাযুক্ত ৰিয়েল এষ্টেট ডেভেলপমেণ্ট কোম্পানী।

চেঞ্চুৰী ৰিয়েল এষ্টেটৰ ৩,০০০ একৰতকৈ অধিক ভূমি বেংক, ২ কোটি বৰ্গফুটতকৈ অধিক উন্নয়ন পৰ্টফলিঅ’ আছে, য’ত সমগ্ৰ দক্ষিণ ভাৰতত বিস্তৃত হোটেল, কাৰ্যালয় ভৱন, শিক্ষানুষ্ঠান, আৰু সংহত চহৰৰ দৰে প্ৰিমিয়াম আৱাসিক আৰু বাণিজ্যিক সম্পত্তি আছে।