newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভাৰতীয় শ্বেয়াৰ বজাৰত হ্ৰাস পোৱাৰ পিছত ব্ৰেক, গ্লোবেল ইংগিতৰ বাবে লাভৰ সৈতে মুকলি হয় চেন্সেক্স-নিফটি

BNE News Desk , January 22, 2025
Spread the love
Share on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ পিছদিনা তীব্ৰ পতনৰ সাক্ষী হৈ বুধবাৰৰ অধিবেশনত ভাৰতীয় শ্বেয়াৰ বজাৰ ইতিবাচক ৰূপত মুকলি হয়। আই টি আৰু এফ এম চি জিৰ শ্বেয়াৰ ক্ৰয়ৰ ফলত বজাৰত উত্থান ঘটিছে। ইতিবাচক নোটত মুকলি কৰাৰ পিছত চেন্সেক্সে ৭৬২০৭ পইণ্টত ব্যৱসায় কৰি আছে, ৩২৬ পইণ্টৰ জাম্পেৰে ৭৬০০০ৰ সীমা অতিক্ৰম কৰিছে। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিও ১৪১ পইণ্টৰ জঁপিয়াই ২৩১১২ পইণ্টত ব্যৱসায় কৰি আছে।    

আজিৰ ব্যৱসায়ত যদি আমি বুলিছ খণ্ডবোৰ চাওঁ তেন্তে আই টি, ফাৰ্মা, এফ এন চি জি, বেংকিং, হেল্থকেয়াৰ খণ্ডৰ শ্বেয়াৰ বৃদ্ধি হোৱাৰ বিপৰীতে বিক্ৰী দেখা যায় অইল এণ্ড গেছ, কনজিউমাৰ ডুৰেবলছ, এনাৰ্জি, মিডিয়া, ৰিয়েল এষ্টেটৰ শ্বেয়াৰত , মেটালছ আৰু অটো খণ্ডৰ... বজাৰত উত্থানৰ পিছত আজিৰ অধিবেশনত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰত বিক্ৰী দেখা গৈছে। নিফটি মিডকেপ সূচকাংক ৬৪৪ পইণ্ট হ্ৰাস পাই ৫৩১৮০ত ব্যৱসায় কৰা হৈছে। নিফটিৰ স্মলকেপ সূচকাংকতো ২৬০ পইণ্ট হ্ৰাস পাই ব্যৱসায় চলি আছে। শ্বেয়াৰ বজাৰত দৰ্শনীয় উত্থানৰ পিছতো মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বাবে বিনিয়োগকাৰীয়ে লোকচানৰ সন্মুখীন হৈছে। যোৱা অধিবেশনত ৪২৪.০৭ লাখ কোটি টকাত বন্ধ হোৱা বিএছইৰ মাৰ্কেট কেপ ৪২১.৫৯ লাখ কোটি টকালৈ হ্ৰাস পাইছে।

ALSO READ: কৰ সঞ্চয় আঁচনি: কৰ সঞ্চয়ৰ বাবে কিয় ই এল এছ এছ এটা উত্তম বিকল্প! এন পি এছত বিনিয়োগ কৰিলে হ্ৰাস পায় কৰ দায়বদ্ধতা

আজিৰ অধিবেশনত চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২১টা ষ্টক বৃদ্ধিৰ সৈতে ব্যৱসায় চলি থকাৰ বিপৰীতে ৯টা ষ্টক হ্ৰাস পাইছে। নিফটিৰ ৫০টা ষ্টকৰ ভিতৰত ৩৩টা ষ্টকত লাভৰ সৈতে আৰু ১৭টাত হ্ৰাসৰ সৈতে ব্যৱসায় চলি আছে। বৃদ্ধি পোৱা ষ্টকসমূহৰ ভিতৰত ছান ফাৰ্মাই ১.৬২ শতাংশ, ইনফ’ছিছ ১.২৭ শতাংশ, টিচিএছ ০.৯৯ শতাংশ, মাৰুতি ০.৮৬ শতাংশ, আইটিচি ০.৭৯ শতাংশ, এইচ ইউ এল ০.৫১ শতাংশ, মাৰুতি ০.৪৯ শতাংশ, ৰিলায়েন্স ০.৪৮ শতাংশ, নেচলে ০.৪০ শতাংশ বৃদ্ধিৰে ব্যৱসায় কৰি আছে। পতনশীল ষ্টকসমূহৰ ভিতৰত জোমাটো ২.৯১ শতাংশ, পাৱাৰ গ্ৰীড ১.০২ শতাংশ, টাটা ষ্টীল ০.৮১ শতাংশ, ইণ্ডুছইণ্ড বেংক ০.৪৪ শতাংশ, এছ বি আই ০.৩৬ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে।