newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বাজেট অধিৱেশনকে ধৰি ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

BNE News Desk , November 17, 2023
Spread the love

গুৱাহাটী: বাজেট অধিবেশনকে ধৰি ৰাজ্যিক কেবিনেটে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব বাজেট অধিবেশন । ১০ খন জিলাত আলি আই লিগাঙৰ বন্ধ ঘোষণা কৰিছে কেবিনেটে ।

ইয়াৰ উপৰিও 'অন্ন সেৱা সপ্তাহ' পূৰ্বৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখৰ পৰিবৰ্তে ১ তাৰিখৰ পৰা ১০ তাৰিখলৈকে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে । অৰ্থাৎ এতিয়াৰে পৰা প্ৰতি মাহৰ ১ ৰ পৰা ১০ তাৰিখলৈকে পাতিব লাগিব অন্ন সুৰক্ষা সপ্তাহ । বিতৰণ কৰিব লাগিব বিনামূলীয়া চাউল। 

ৰাজ্যিক কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে ইলেক্ট্ৰিক বাহন সমূহৰ ৰেজিষ্ট্ৰেচনৰ ৰাজহ ২% হ্ৰাস। পূৰ্বৰ ১০% ৰ বিপৰীতে এতিয়াৰ পৰা চৰকাৰে ৰাজহ ল'ব ৮% । মৰিগাঁও, কামৰূপ, গোৱালপাৰা, ধেমাজিকে ধৰি ৯ খন জিলাৰ ৩৫৮৬ জন লোকক প্ৰদান কৰা হৈছে ভূমি পট্টা।

ৰাজ্যিক কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে অসমত উদযাপন হৈ অহা ৩ বছৰ পুৰণি ৰাস কমিটিক প্ৰদান কৰা হ'ব ২৫০০০ কৈ ভক্তিমূলক আৰ্থিক অনুদান ।

তিনি বছৰ পুৰণি প্ৰায় ১৯০০ খন ৰাসক প্ৰদান কৰা হ'ব এই সাহাৰ্য্য।

ALSO READ: ‘Vivanta’ opens in-house glass bottling plant amid govt pushback against plastic bottles