অসম কেবিনেটে ৰিম’ট চেন্সিং, জিআইএছ, জিপিএছ, আৰু ইউএভি/ড্ৰ’ন জৰীপত নীতিগত সহায়ৰ তদাৰক কৰিবলৈ অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰক ৰাজ্যিক ন’ডেল এজেন্সী হিচাপে নিযুক্তি দিছে। এই সিদ্ধান্তৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যতে উন্নয়নমূলক প্ৰকল্পসমূহত মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।
ইয়াৰ সম্প্ৰসাৰিত ভূমিকাৰ অধীনত ASSACএ পি এম গতি শক্তি কাৰ্যসূচীৰ অংশও হ’ব, য’ত তথ্য-বিনিময়, গুণগত মান নিৰ্ধাৰণ, অসমৰ বাবে ভূ-স্থানীয় তথ্য নীতিৰ কাঠামো গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা আগবঢ়াই নিয়াৰ বাবে ASSACএ ৰাজ্যিক বিভাগ, ইছৰো, মহাকাশ বিভাগ, আৰু উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব।
ALSO READ: Zomato বা Swiggy! কোনটো কোম্পানীৰ শ্বেয়াৰে ইয়াৰ শ্বেয়াৰহোল্ডাৰ আৰু বিনিয়োগকাৰীক ধনী কৰি তুলিব?
পি ডব্লিউ ডি, কৃষি, আৰু ৰাজহ আদি বিভাগক উন্নত মহাকাশ প্ৰযুক্তিৰ ইনপুট প্ৰদান কৰি আছাকে প্ৰকল্পৰ ডিজাইনত উদ্ভাৱনীমূলক সমাধান আনিব, খৰচ আৰু পলম হ্ৰাস কৰিব, আৰু অসমৰ উন্নয়নমূলক পদক্ষেপত সামগ্ৰিক দক্ষতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।