২০২৫ বিত্তীয় বৰ্ষৰ মাৰ্চ ত্ৰৈমাসিকৰ ফলাফলত আদানী বন্দৰ আৰু বিশেষ অৰ্থনৈতিক মণ্ডলৰ নিকা লাভ ৪৮ শতাংশ বৃদ্ধি পাই ৩,০২৩.১০ কোটি টকা হৈছে, যিটো যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত ২০১৪.৭৭ কোটি টকা আছিল। আদানী গ্ৰুপে কয় যে মাৰ্চ ত্ৰৈমাসিকৰ ভিতৰত অধিক আয় আৰু শক্তিশালী ৰাজহৰ বাবে লাভ বৃদ্ধি পাইছে।
একেদৰে আদানী বন্দৰৰ মুঠ ত্ৰিমাসিক আয় ২২ শতাংশ বৃদ্ধি পাই ৮,৭৬৯.৬৩ কোটি টকা হয়, যিটো বিগত বছৰৰ একে সময়ছোৱাত ৭,১৯৯.৯৪ কোটি টকা আছিল। এই সময়ছোৱাত কোম্পানীটোৰ মুঠ ব্যয় ৫৩৮২.১৩ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো এবছৰৰ পূৰ্বৰ একে সময়ছোৱাত ৪,৪৫০.৫২ কোটি টকা হৈছিল।
ফলাফলৰ পিছতে আদানী বন্দৰেও নিজৰ শ্বেয়াৰহোল্ডাৰসকলক লভ্যাংশৰ কথা ঘোষণা কৰিছে। ষ্টক মাৰ্কেটলৈ প্ৰেৰণ কৰা তথ্যত কোম্পানীটোৱে জনাইছে যে ২০২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিটো শ্বেয়াৰত ৭ টকা লভ্যাংশৰ পৰামৰ্শ দিয়া হৈছে, যিটো ২ টকাৰ মুদ্ৰা মূল্যৰ শ্বেয়াৰত দিয়া হ’ব।
মাৰ্চ ত্ৰৈমাসিকত আদানী বন্দৰৰ ৰাজহ ২৩ শতাংশ বৃদ্ধি পাই ৮৪৮৮ কোটি টকা হয়, যিটো এবছৰৰ পূৰ্বৰ একেটা ত্ৰৈমাসিকত ৬৮৯৭ কোটি টকা। একেদৰে মাৰ্চ ত্ৰৈমাসিকত আদানী বন্দৰৰ পৰিচালনা লাভ ২৩.৮ শতাংশ বৃদ্ধি পাই ৫,০০৬ কোটি টকা হোৱাৰ বিপৰীতে এবছৰৰ পূৰ্বে এই ত্ৰৈমাসিকৰ সময়ছোৱাত ৪০৪৪ কোটি টকা আছিল। মাৰ্চ ত্ৰৈমাসিকত আদানী বন্দৰৰ ইবিআইটিডিএ মাৰ্জিন ৫৯ কোটিলৈ বৃদ্ধি পাইছে, যিটো এবছৰৰ পূৰ্বৰ একেটা ত্ৰৈমাসিকত ৫৮.৬ কোটি টকা।