newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

পি এছ ৰাজ ষ্টীলছ লিমিটেডে অতি শীঘ্ৰে আই পি অ’ৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে

BNE News Desk , September 10, 2024
Spread the love
Share on Twitter

ষ্টেইনলেছ ষ্টীলৰ পাইপ আৰু টিউব নিৰ্মাতা আৰু যোগানকাৰী পি এছ ৰাজ ষ্টীলছ লিমিটেডে (পি এছ এছ আৰ) মঙলবাৰে কয় যে তেওঁলোকে নিজৰ বৃদ্ধিৰ পৰিকল্পনাৰ বাবে অতি সোনকালে প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ (আই পি অ’)ৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে।

পিএছএছআৰে এক বিবৃতিত কয় যে ভাৰতৰ বৰ্তমানৰ বজাৰৰ বাহিৰেও নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে হিছাৰ মুখ্য কাৰ্যালয় থকা কোম্পানীটোৱে আইপিঅ’ৰ ওপৰত নিজৰ দৃষ্টি নিবদ্ধ কৰিছে।

২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত ৫০০ কোটি টকাৰ ৰাজহ লাভ কৰাৰ পৰিকল্পনাও ঘোষণা কৰে কোম্পানীটোৱে।

কোম্পানীটোৱে এই অফাৰৰ বুক ৰানিং লিড মেনেজাৰ হিচাপে নিযুক্তি দিছে খাম্বাটা ছিকিউৰিটিজ লিমিটেডক।

কোম্পানীটোৱে বছৰি ১৩,৪৬০ মেট্ৰিক টন স্থাপন ক্ষমতাৰে এটা উৎপাদন প্লাণ্ট চলাই আছে, যিটো হাৰিয়ানাৰ হিছাৰত তিনি একৰ এলেকাত বিস্তৃত।

ই উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, মধ্যপ্ৰদেশ, দিল্লী, ৰাজস্থানকে ধৰি সমগ্ৰ ভাৰতৰ ১৯খন ৰাজ্যত ‘পি এছ এছ আৰ’ ব্ৰেণ্ড নামেৰে সম্পূৰ্ণ সামগ্ৰী যোগান ধৰে।

পি এছ ৰাজ ষ্টীলছে, "সমগ্ৰ ভাৰতত আমাৰ ব্যৱসায় সম্প্ৰসাৰণ আৰু বৰ্তমানৰ বজাৰসমূহত ইয়াক শক্তিশালী কৰাৰ চেষ্টাত আমি অতি শীঘ্ৰে আই পি অ'ৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছো। এই সম্প্ৰসাৰণ পৰিকল্পনাসমূহে বিত্তীয় বৰ্ষ ২৭ৰ ভিতৰত ৫০০ কোটি টকাৰ ৰাজহ লাভ কৰিবলৈ সক্ষম কৰিব।" লিমিটেডৰ পৰিচালন সঞ্চালক দীপক কুমাৰে এইদৰে কয়।