newsdesk@business-northeast.com

+91 6026176848

Петропавловск
+20°C
Облачно
Источник погодных данных: Ауа райы

এল পি জিৰ দাম হ্ৰাস: চিলিণ্ডাৰ সস্তা হ‘ল, আপোনাৰ চহৰত এল পি জিৰ দাম কিমান হ্ৰাস পাইছে জানি লওঁক

BNE News Desk , July 1, 2024
Spread the love
Share on Twitter

আজি এল পি জি চিলিণ্ডাৰৰ দাম সলনি হোৱাৰ লগতে সস্তা হৈ পৰিছে। এল পি জি চিলিণ্ডাৰৰ হাৰ ৩০-৩১ টকা হ্ৰাস কৰি আজি ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে। এল পি জিৰ হাৰত এই কৰ্তন সামান্য আৰু ই ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ বাবে। এই কৰ্তনৰ প্ৰভাৱত ৰেষ্টুৰেণ্টৰ মালিক আৰু ধাবাৰ মালিকৰ দৰে বাণিজ্যিক এল পি জি ব্যৱহাৰকাৰীয়ে লাভ কৰিব সস্তা চিলিণ্ডাৰ। কিন্তু ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

আপোনাৰ চহৰত এল পি জি চিলিণ্ডাৰ কিমান সস্তা হৈ পৰিছে জানি লওক।

ৰাজধানী দিল্লীত কমাৰ্চিয়েল চিলিণ্ডাৰ ৩০ টকা সস্তা হৈছে আৰু ১৬৪৬ টকা হৈছে। জুন মাহত ইয়াৰ মূল্য আছিল ১৬৭৬ টকা প্ৰতি চিলিণ্ডাৰ।
কলকাতাত কমাৰ্চিয়েল চিলিণ্ডাৰ ৩১ টকা সস্তা হৈছে আৰু ১৭৫৬ টকা হৈছে। জুন মাহত ইয়াৰ মূল্য আছিল ১৭৮৭ টকা প্ৰতি চিলিণ্ডাৰ।
মুম্বাইত কমাৰ্চিয়েল চিলিণ্ডাৰ ৩১ টকা সস্তা হৈ ১৫৯৮ টকা হৈছে। জুন মাহত ইয়াৰ মূল্য আছিল ১৬২৯ টকা প্ৰতি চিলিণ্ডাৰ।

চেন্নাইত বাণিজ্যিক চিলিণ্ডাৰ ৩০ টকা সস্তা হৈ পৰিছে আৰু ১৮০৯.৫০ টকা হৈছে। জুন মাহত ইয়াৰ মূল্য আছিল ১৮৪০.৫০ টকা প্ৰতি চিলিণ্ডাৰ।