newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

LPG চিলিণ্ডাৰৰ দাম পুনৰ হ্ৰাস, ক্ৰমাগত তৃতীয় মাহৰ বাবে লাভৱান গ্ৰাহক

BNE News Desk , June 1, 2024
Spread the love
Share on Twitter

লোকসভাৰ অন্তিম পৰ্যায়ৰ নির্বাচনৰ ঠিক পূর্বে এল পি জিৰ গ্ৰাহকে ডাঙৰ সকাহ পাইছে৷ চৰকাৰী তেল আৰু গেছ বিপণন কোম্পানীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে হ্ৰাস কৰিছে এল পি জি চিলিণ্ডাৰৰ মূল্য। এইদৰে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত এল পি জি চিলিণ্ডাৰৰ মূল্য তিনিগুণ হ্ৰাস পাইছে।

চৰকাৰী তেল কোম্পানীসমূহে জাৰি কৰা অধিসূচনা অনুসৰি আজিৰে পৰা দেশৰ বিভিন্ন চহৰত এল পি জি চিলিণ্ডাৰৰ মূল্য প্ৰায় ৭০ টকা হ্ৰাস কৰা হৈছে। অৱশ্যে এই কৰ্তনৰ সুবিধা কেৱল ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰতহে উপলব্ধ হ’ব। এইবাৰো ঘৰুৱা ব্যৱহাৰৰ বাবে এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

শেহতীয়াকৈ কৰ্তনৰ পিছত দিল্লীত ১৯ কেজি চিলিণ্ডাৰৰ মূল্য ৬৯.৫০ টকা হ্ৰাস পাই ১৬৭৬ টকা হৈছে। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ১৯ টকা হ্ৰাস পাই ১৭৪৫.৫০ টকালৈ নামি আহিছিল। একেদৰে আজিৰে পৰা কলকাতাত ১৭৮৭ টকাত উপলব্ধ হ’ব বাণিজ্যিক এল পি জি চিলিণ্ডাৰ। মুম্বাইৰ মানুহে এতিয়া এই ডাঙৰ চিলিণ্ডাৰটোৰ বাবে ১৬২৯ টকা দিব লাগিব, আনহাতে চেন্নাইত এতিয়া ইয়াৰ মূল্য হ’ব ১৮৪০.৫০ টকা।

১৯ কেজি কমাৰ্চিয়েল চিলিণ্ডাৰৰ এই মূল্য হ্ৰাস এনে এটা সময়ত ঘটিছে যেতিয়া সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন চূড়ান্ত পৰ্যায়ত আছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল লোকসভা নিৰ্বাচন। আজি ১ জুনত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ইয়াৰ পিছত ৪ জুনত প্ৰকাশ পাব লোকসভা নিৰ্বাচন ২০২৪ৰ ফলাফল।

যোৱা মাহৰ আৰম্ভণিতো এল পি জি চিলিণ্ডাৰৰ মূল্য কেইবাবাৰো হ্ৰাস কৰা হৈছিল। যোৱা মাহৰ প্ৰথম তাৰিখ অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ১৯ টকা হ্ৰাস কৰা হৈছে। ১ মে’ৰ পৰা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৯ টকা হ্ৰাস। এপ্ৰিল মাহৰ পূৰ্বে একেৰাহে তিনিমাহ ধৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছিল।

ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ শেষ পৰিৱৰ্তন মাৰ্চ মাহত হৈছিল, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা দিৱস উপলক্ষে (৮ মাৰ্চ ২০২৪) এল পি জি চিলিণ্ডাৰৰ মূল্য ১০০ টকা কৰ্তনৰ কথা ঘোষণা কৰিছিল। তাৰ এদিন আগতে ৭ মাৰ্চত মোডী চৰকাৰে এল পি জি চিলিণ্ডাৰৰ বিষয়ত সাধাৰণ জনতাক সকাহ দিছিল। তাৰ পিছত কেবিনেটে ২০২৫ চনৰ ৩১ মাৰ্চলৈকে পি এম উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলক ৩০০ টকাৰ ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰা ১৪ কেজি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। অৰ্থাৎ প্ৰায় ৩ মাহ ধৰি ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই।

ALSO READ: ইণ্ডিগ‘ৰ বৃহৎ অফাৰ: মাত্ৰ ১১৯৯ টকাতে কৰিব পাৰিব  বিমান যাত্ৰা