newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

তৃতীয় স্থানত উপনীত ভাৰত, এপ্ৰিল মাহত ৭২২ কোটি টকাৰ সোণ ক্ৰয়

BNE News Desk , June 8, 2024
Spread the love

যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ সোণৰ মজুত দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে সাম্প্ৰতিক সময়ত সোণৰ ক্ৰয় বৃদ্ধি। সোণ ক্ৰয়ৰ এই ট্ৰেক ৰেকৰ্ড এতিয়াও অক্ষত আছে আৰু মে’ মাহতো বিপুল পৰিমাণৰ সোণ ক্ৰয় কৰা হৈছে।

ৱৰ্ল্ড গোল্ড কাউন্সিলৰ তথ্য অনুসৰি মে’ মাহৰ ভিতৰত ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম সোণ ক্ৰেতা হিচাপে আত্মপ্ৰকাশ কৰে। যোৱা মাহত ভাৰতে ৭২২ কোটি টকাৰ সোণ ক্ৰয় কৰিছিল। পৰিমাণ অনুসৰি এই ক্ৰয়ৰ পৰিমাণ ৪৫.৯ টন। ইয়াৰ পৰা দেখা যায় যে ভাৰতে এতিয়াও সোণৰ মজুত বৃদ্ধিৰ বাবে আগ্ৰাসী স্থিতি গ্ৰহণ কৰি আছে।

যোৱা মাহত সোণ ক্ৰয়ৰ ক্ষেত্ৰত ভাৰততকৈ মাত্ৰ দুখন দেশহে আগবাঢ়ি আছিল। ৩১২.৪ টন সোণ ক্ৰয় কৰি প্ৰথম স্থানত আছে ছুইজাৰলেণ্ড। মূল্যত এই ক্ৰয় ২,৪৬১ কোটি টকা হয়। আনহাতে চুবুৰীয়া দেশ চীনে ২১০৯ কোটি টকাত ৮৬.৮ টন সোণ ক্ৰয় কৰি দ্বিতীয় স্থানত আছে।

যোৱা কেইবছৰমানৰ ভিতৰত ভাৰতৰ সোণৰ মজুতৰ আকাৰ যথেষ্ট বৃদ্ধি পাইছে। ২০১৯ চনৰ মাৰ্চ মাহত ভাৰতত ৬১৮.২ টন সোণৰ মজুত আছিল। ২০১৪ চনৰ মাৰ্চ মাহলৈকে এই ষ্টক ৮২২.১ টনলৈ বৃদ্ধি পাইছিল। অৰ্থাৎ যোৱা ৫ বছৰত ভাৰতৰ সোণৰ মজুত দৰ্শনীয় ৩৩ শতাংশ বৃদ্ধি পাইছে।

শেহতীয়াকৈ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতক স্থিৰতা প্ৰদানৰ বাবে আৰু পৰ্টফলিঅ’ৰ বৈচিত্ৰ্যৰ বাবে অধিক সোণ ক্ৰয় কৰা হৈছে। তেওঁ কৈছিল যে ডলাৰৰ অস্থিৰতাৰ বাবে ৰিজাৰ্ভ বেংকে সোণৰ মজুত বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে।

আচলতে সোণ অতীজৰে পৰা বিনিয়োগকাৰীয়ে ভাল পাই আহিছে। আজিৰ সময়ত হালধীয়া ধাতুটোক অনিশ্চিত পৰিবেশত নিৰাপদ বিনিয়োগ বুলি গণ্য কৰা হয়। এই কাৰণেই যে পৃথিৱীত যেতিয়াই ভূ-ৰাজনৈতিক উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই সোণৰ চাহিদা বাঢ়ি যায় আৰু তাৰ দাম বাঢ়িবলৈ আৰম্ভ কৰে। ৰিজাৰ্ভ বেংককে ধৰি আন বহু দেশৰ কেন্দ্ৰীয় বেংকসমূহে সোণৰ সৰ্বাধিক ক্ৰেতা।

ALSO READ: প্ৰধানমন্ত্ৰী মোডীৰ জয়ত সুখী ইলন মাস্ক, ভাৰতত টেছলাৰ ওপৰত দিলে এই ইংগিত