ভাৰতৰ গিগ ইকনমিয়ে আগন্তুক সময়ত ৯ কোটিৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰে। বৃহস্পতিবাৰে প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য দিয়া হৈছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ইয়াৰ ফলত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ১.২৫ শতাংশ বৃদ্ধি পাব পাৰে।
গিগ ইকনমিৰ ফলত লাখ লাখ অকৃষি চাকৰিৰ সৃষ্টি হৈছে, কেৱল ই-কমাৰ্চে ১.৬ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টি কৰিছে।
'ফ’ৰাম ফৰ প্ৰগ্ৰেছিভ গিগ ৱৰ্কাৰছ’ৰ আহ্বায়ক কে নৰসিংহনে কয় যে প্ৰতিবেদনত বৃহৎ কোম্পানী আৰু গিগ কৰ্মীৰ মাজত বিকশিত গতিশীলতা বিশ্লেষণ কৰাৰ প্ৰাৰম্ভিক প্ৰচেষ্টা দাঙি ধৰা হৈছে। গিগ ইকনমি ভাৰতৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু কৰ্মসংস্থাপন সৃষ্টি, আয়ৰ বৈষম্য হ্ৰাস আৰু বিভিন্ন খণ্ডত উদ্ভাৱনক প্ৰসাৰিত কৰাত সহায়ক হ’ব।
কেন্দ্ৰীয় চৰকাৰে গিগ আৰু প্লেটফৰ্ম কৰ্মীসকলক সামাজিক সুৰক্ষা আৰু কল্যাণমূলক সুবিধা প্ৰদানৰ উদ্দেশ্যে এক কাঠামো তৈয়াৰ কৰিবলৈও এখন কমিটী গঠন কৰিছে। কিছুদিন পূৰ্বে শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজে লোকসভাত লিখিত উত্তৰত কয় যে ‘সামাজিক সুৰক্ষা সংহিতা- ২০২০'।
ALSO READ: ষ্টক মাৰ্কেট বন্ধ: বজাৰত ডাঙৰ শ্বক, চেন্সেক্স প্ৰায় ১২০০ পইণ্ট হ্ৰাস, নিফ্টী ২৪ হাজাৰৰ তলত বন্ধ
তেওঁ কয় যে সংহিতাত জীৱন আৰু অক্ষমতা কভাৰ, দুৰ্ঘটনা বীমা, স্বাস্থ্য আৰু প্ৰসূতিৰ সুবিধা, বৃদ্ধাৱস্থাৰ সুৰক্ষা আদিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত গিগ আৰু প্লেটফৰ্ম কৰ্মীসকলৰ বাবে উপযুক্ত সামাজিক সুৰক্ষা ব্যৱস্থা প্ৰণয়ন কৰাৰ ব্যৱস্থা আছে। কল্যাণমূলক আঁচনিৰ বিত্তীয় সাহায্যৰ বাবে সামাজিক সুৰক্ষা পুঁজি স্থাপনৰ ব্যৱস্থাও সংহিতাত আছে।