ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ অৱস্থা দশক দশক ধৰি বেয়া হৈ আহিছে। বিদেশী বেংকৰ ঋণৰ তলত পুতি থোৱা পাকিস্তানে আজি নিজৰ পতনশীল অৰ্থনীতি আৰু দৰিদ্ৰতাৰ সৈতে যুঁজি আছে। কিন্তু ইয়াৰ পিছতো নিজৰ পৰিস্থিতি উন্নত কৰাৰ পৰিৱৰ্তে ভাৰতত সন্ত্ৰাসবাদী ষড়যন্ত্ৰত লিপ্ত হৈছে। বাৰু, আজি ভাৰতৰ সেই ৪ টা কোম্পানীৰ কথা কওঁ, যাৰ মাৰ্কেট কেপ আজিৰ সময়ত পাকিস্তানৰ মুঠ জিডিপিতকৈ বেছি I
যোৱা সপ্তাহত শ্বেয়াৰ বজাৰত সামান্য হ্ৰাস পোৱাৰ পাছতো দেশৰ শীৰ্ষ দহটা বৃহৎ কোম্পানীসমূহৰ ভিতৰত চাৰিটা কোম্পানীয়ে বজাৰ মূল্য বৃদ্ধি কৰি বিনিয়োগকাৰীক সকাহ দিছিল। আনহাতে বিএছই চেন্সেক্স ০.৩৩ শতাংশ অৰ্থাৎ ২৭০ পইণ্ট হ্ৰাস পাইছে। একে সময়তে এল আই চি, এছ বি আই, ভাৰতী এয়াৰটেল আৰু এইচ ডি এফ চি বেংকে মিলি ১.০১ লাখ কোটিৰো অধিক লাভ কৰে।
এই সপ্তাহৰ সৰ্বাধিক বিজয়ী আছিল চৰকাৰী বীমা কোম্পানী এল আই চি। কোম্পানীটোৰ মাৰ্কেট কেপ ৫৯,২৩৩ কোটি বৃদ্ধি পাই ৬.০৩ লাখ কোটি হয়। এল আই চিৰ শ্বেয়াৰ বৃদ্ধিৰ বাবেই এই জাম্প সম্ভৱ হৈছিল।
দেশৰ সৰ্ববৃহৎ বেংক এছ বি আইৰ মাৰ্কেট কেপ ১৯,৫৮৯ কোটি বৃদ্ধি পাই ৭.২৫ লাখ কোটি হয়। একে সময়তে ভাৰতী এয়াৰটেলে ১৪,০৮৪ কোটি আৰু এইচ ডি এফ চি বেংকৰ ৮,৪৬২ কোটি লাভ পঞ্জীয়ন কৰে। ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ বৰ্তমান ১১.১৩ লাখ কোটি টকা। আনহাতে এইচ ডি এফ চিৰ মাৰ্কেট কেপ ১৪.৮৯ লাখ কোটি হয়।
আনহাতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, টি চি এছ, আই চি আই চি আই বেংক, ইনফ’ছিছ, বাজাজ ফাইনেন্স, এইচ ইউ এলৰ দৰে বৃহৎ কোম্পানীসমূহে লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। টিচিএছৰ মাৰ্কেট কেপ ১৭,৯০৯ কোটি হ্ৰাস পাই ১২.৫৩ লাখ কোটি হয়, আনহাতে ৰিলায়েন্সৰ ৭,৬৪৫ কোটি লোকচানেৰে ১৯.২২ লাখ কোটিত উপনীত হয়।
মাৰ্কেট কেপৰ ভিত্তিত শীৰ্ষ ১০ কোম্পানীৰ তালিকাত কোনো পৰিৱৰ্তন হোৱা নাই। ৰিলায়েন্স এতিয়াও এক নম্বৰত আছে, তাৰ পিছতে আছে এইচ ডি এফ চি বেংক, টি চি এছ, ভাৰতী এয়াৰটেল আৰু আই চি আই চি আই বেংক।
বিশেষজ্ঞসকলৰ মতে এল আই চি আৰু এছ বি আইৰ দৰে কোম্পানীৰ বৃদ্ধিয়ে দেখুৱাইছে যে বিনিয়োগকাৰীয়ে এতিয়াও চৰকাৰী কোম্পানী আৰু বেংকিং খণ্ডক বিশ্বাস কৰে। কিন্তু টেক আৰু এফএমচিজি খণ্ডত এতিয়াও অনিশ্চয়তা অব্যাহত আছে।