newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত শ্বেয়াৰ বজাৰ পতনৰ বাবে কোন দায়ী, কোনে শাস্তি লাভ কৰিছিল? সংসদত চৰকাৰে দিলে উত্তৰ

BNE News Desk , December 4, 2024
Spread the love
Share on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে শ্বেয়াৰ বজাৰত হঠাৎ পতনৰ ফলত কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় বিনিয়োগকাৰীৰ। এই ঘটনাৰ বাবে কোন দায়ী? তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ’ল? এই প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে সেই এদিনত বজাৰ যি কমি গ’ল, পিছৰ তিনিদিনত ইয়াৰ ক্ষতিপূৰণ দিয়া হ’ল।
     

বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে উত্তৰ দি কয় যে শ্বেয়াৰ বজাৰৰ গতিবিধি অন্যান্য কাৰকৰ লগতে বিনিয়োগকাৰীৰ ধাৰণাৰ ওপৰতো নিৰ্ভৰশীল। য’ত অন্যান্য বিষয়ৰ লগতে বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী, ঘৰুৱা সামষ্টিক অৰ্থনৈতিক পৰিমাপ আৰু বিদেশী মূলধনৰ প্ৰবাহক প্ৰভাৱিত কৰা সামগ্ৰিক কৰ্পৰেট প্ৰদৰ্শন অন্তৰ্ভুক্ত হ’ব পাৰে।
তথ্য দি ৰাজ্যিক মন্ত্ৰীয়ে কয় যে ২০২৪ চনৰ ১৬ মাৰ্চত সাধাৰণ নিৰ্বাচনৰ ঘোষণাৰ পিছত শ্বেয়াৰ বজাৰৰ বেঞ্চমাৰ্ক সূচকাংক অৰ্থাৎ চেন্সেক্স আৰু নিফ্টীয়ে উৰ্ধমুখী ধাৰা দেখুৱাইছে আৰু ৩ জুনলৈকে দুয়োটা ৫.৩% আৰু ৫.৬% বৃদ্ধি পাইছে। কিন্তু ৪ জুনত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত চেন্সেক্স আৰু নিফটি ৫.৭% আৰু ৫.৯% হ্ৰাস পায় অৱশ্যে তিনিদিনৰ ভিতৰতে দুয়োটা সূচকাংকই উন্নতি সাধন কৰি ২০২৪ চনৰ ৪ জুনত অভিলেখ সৃষ্টি কৰে।

ALSO READ: এনবিচিচিয়ে মোটিলাল নেহৰু কলেজৰ পৰা ২৩১ কোটি টকাৰ চুক্তি লাভ কৰে
   

২৭ নৱেম্বৰলৈকে দুয়োটা সূচকাংক ১১.৩% আৰু ১০.৯% বৃদ্ধি পাইছে। ৪ জুনত এন এছ ই আৰু বি এছ ইত তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন হ্ৰাস পাইছিল যদিও পাঁচ দিনৰ ভিতৰত সেই মূল্য নিৰ্ধাৰণ পুনৰ লাভ কৰা হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে অৰ্থাৎ ২৭ নৱেম্বৰলৈকে প্ৰায় ₹ ৫০ লাখ কোটি বৃদ্ধি পাইছে।
     

দৰাচলতে নির্বাচনৰ ফলাফলৰ পূর্বে এক্সিট প’লত এন ডি এৰ ৪০০খন আসন থকাৰ অনুমান কৰা হৈছিল, যাৰ বাবেই হঠাতে শ্বেয়াৰ বজাৰত উত্থান দেখা গৈছিল৷ কিন্তু ফলাফল সেই ধৰণৰ নাছিল যাৰ বাবে শ্বেয়াৰ বজাৰখন হঠাতে এদিনতে ভয়ংকৰভাৱে হ্ৰাস পাইছিল। সেই সময়ছোৱাতো বিৰোধী দলসমূহে এইটো এটা বিষয় কৰি লৈছিল আৰু বিনিয়োগকাৰীয়ে কোটি কোটি টকা লোকচান কৰাৰ অভিযোগ তুলি ইয়াক এটা ডাঙৰ কেলেংকাৰী বুলি অভিহিত কৰিছিল।