ঋতুপৰ্ণা শৰ্মা হৈছে Neev ব্ৰেণ্ডৰ প্ৰতিস্থাপক। 'Neev' ব্ৰেণ্ড আৰু তেওঁৰ দ্বাৰা আয়োজিত 'Maker’s Miracle' ইভেণ্টে অসমৰ উদ্যোগৰ ক্ষেত্ৰত এক নতুন দিশ উলিয়াই আনিছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা 'Neev' ব্ৰেণ্ডে ইতিমধ্যে ৮ মাহৰ ভিতৰত ১০০ৰো অধিক ব্লাউজ আৰু ১০০-১৫০ টাই বিক্ৰী কৰি উল্লেখযোগ্য বাণিজ্যিক সফলতা অৰ্জন কৰিছে।
ঋতুপৰ্ণাই অসমীয়া মেখেলা-চাদৰ বা শাৰী সৈতে লগ লগকৈ পিন্ধিব পৰা ডিজাইনৰ ৰেডিমেড বা কাষ্টমাইজ ব্লাউজৰ অভাৱ অনুভৱ কৰি। উত্তৰ-পূৰ্বাঞ্চলৰ হস্তশিল্পী ফেব্ৰিক ব্যৱহাৰ কৰি ব্লাউজ বনোৱাৰ পাছত, অপচয় হোৱা কাপোৰৰ পৰা টাই, চেণ্ডেল, বেগ আদি সামগ্ৰী বনাইছে। বৰ্তমান জেণ্টছৰ বাবে ২০৯৯ টকাৰ মূল্যৰ চাৰ্টো উপলব্ধ। ব্লাউজৰ আৰম্ভণি মূল্য ১১০০ টকা, টাই ৪৯৯-৬৯৯ টকা, টচ মুগা টাই ৮৯৯ টকা, চেণ্ডেল ৮৯৯ টকা, আৰু বেগ-পাউচ তুলনামূলকভাৱে কম দামতে পোৱা যায় বুলি তেখেতে জনাই।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত 'Advantage Assam' ত অংশগ্ৰহণ কৰি তেওঁলোকে দেশী-বিদেশী গ্ৰাহকৰ পৰা যথেষ্ট প্ৰতিক্ৰিয়া লাভ কৰে। ইভেণ্টখনত তেওঁলোকে উচ্চ পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰে আৰু নিজৰ ব্ৰেণ্ডক সুদৃঢ় স্থানত লৈ যায়।
ঋতুপৰ্ণাই 'Maker’s Miracle' নামৰ ইভেণ্টটো ২০২৩ চনৰ ডিচেম্বৰত আৰম্ভ কৰিছিল। মূল অনুষ্ঠান প্ৰাক-বৰদিন উদযাপন হিচাপে পৰিচিত। ২০২৪ চনত ২ দিনীয়া ৰূপ লৈ অনুষ্ঠিত হয় আৰু ৫৩ টা ষ্টলত প্ৰায় ৬০ গৰাকী মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰিছিল। ইভেণ্টৰ অংশগ্ৰহণ মাচুল ৫, ০০০ হাজাৰ টকা লৈছিল বুলি জনাই তেখেতে । এই অনুষ্ঠানত 'Makers Miracle Entrepreneur of the Year' আৰু 'Best Decorated Stall' বঁটা প্ৰদান কৰা হয়।
ইভেণ্টটোৰ মুঠ বাজেট আছিল ৪.৫ লাখৰ টকাৰ পৰা ৫ লাখ টকাৰ ভিতৰত, য’ত স্থানভাড়া, প্রচাৰ-প্ৰচাৰণা, ৰিক্ৰিয়েচন, কুকিং কম্পিটিশন আদিৰ ব্যয় অন্তর্ভুক্ত। প্ৰথম বছৰত লাভ নোহোৱা ইভেণ্টখনে দ্বিতীয় বছৰত স্পন্সৰ লাভ কৰি এক ধাৰাবাহিকতা গঢ়ি তোলে। এই বছৰত ২১ ডিচেম্বৰত আকৌ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা চলি আছে আছে বুলি জনাই তেখেত আৰু নতুনকৈ উঠি অহা ব্ৰেণ্ডসমূহক জড়িত কৰাৰ প্ৰচেষ্টাৰে আয়োজিত কৰে ।
ঋতুপৰ্ণাৰ Neev ব্ৰেণ্ডৰ ভৱিষ্যৎ লক্ষ্য হৈছে গাঁও অঞ্চলৰ মহিলা উদ্যোগীৰ সৈতে সংযুক্ত হৈ তেওঁলোকৰ পৰম্পৰাগত কৌশল সংৰক্ষণৰ লগতে সমসাময়িক সামগ্ৰী বনোৱা। ক্ষুদ্ৰ প্ৰশিক্ষণৰ জৰিয়তে ব্যৱসায়িক সহযোগিতা আগবঢ়াই তেওঁলোকক এখন প্লেটফৰ্ম প্ৰদান কৰাৰ পৰিকল্পনা চলিছে। বৰ্তমানে তেওঁলোকৰ সৈতে ৮ গৰাকী কৰ্মচাৰী জড়িত।
ঋতুপৰ্ণা শৰ্মাৰ এই উদ্যোগসমূহে কেৱল ব্যৱসায়িক দিশৰ পৰা নহয়, সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰাও অসমৰ উদ্যোগিক সমাজত এক অনন্য উদাহৰণ সৃষ্টি কৰিছে।