newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

NSDL ৰ ৩০০০ কোটি টকাৰ আই পি অ‘ত ছেবিৰ অনুমোদন। SBI NSE আৰু HDFC বেংকে বিক্ৰী কৰিব অংশীদাৰিত্ব

BNE News Desk , October 8, 2024
Spread the love

নেশ্যনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেডৰ ৩০০০ কোটি টকাৰ আই পি অ’ৰ বাট মুকলি হৈছে। ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছেবিয়ে দেশৰ সৰ্ববৃহৎ ডিপ’জিটৰী এন এছ ডি এলৰ আই পি অ’ত অনুমোদন জনাইছে। এই আই পি অ’ হ’ব বিক্ৰীৰ বাবে সম্পূৰ্ণ অফাৰ য’ত এন এছ ডি এলৰ শ্বেয়াৰহোল্ডাৰসকলে আই পি অ’ৰ প্ৰায় ৫৭.৩ মিলিয়ন শ্বেয়াৰ অফলোড কৰিব।

ইতিমধ্যে চি এছ ডি এল ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হৈছে আৰু এতিয়া এন এছ ডি এল ষ্টক এক্সচেঞ্জতো তালিকাভুক্ত হ’ব। এন এছ ডি এলৰ আই পি অ’ৰ ৫৭,২৬০,০০১ টা শ্বেয়াৰ অফাৰ ফৰ চেলৰ জৰিয়তে বিক্ৰী কৰাৰ প্ৰস্তুতি চলোৱা হৈছে য’ত আই ডি বি আই বেংক, এন এছ ই, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এছ বি আইয়ে তেওঁলোকৰ অংশীদাৰিত্ব বিক্ৰী কৰিব। আইডিবিআই বেংকে ২ কোটি ২২ লাখ শ্বেয়াৰ, নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ১ কোটি ৮০ লাখ শ্বেয়াৰ, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৫৬.২ কোটি শ্বেয়াৰ, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৪০ লাখ শ্বেয়াৰ, ছুটিৰ ৩৪ লাখ শ্বেয়াৰ বিক্ৰী কৰিব। এন এছ ডি এলত ২৬ শতাংশ আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত ২৪ শতাংশ অংশীদাৰিত্ব আছে আই ডি বি আই বেংকৰ। এছ বি আইৰ ৫ শতাংশ অংশীদাৰিত্ব, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ২.৮ শতাংশ, কেনাৰা বেংকৰ ২.৩ শতাংশ অংশীদাৰিত্ব।

এন এছ ডি এলৰ আই পি অ’ৰ খচৰা কাগজ ছেবিত দাখিল কৰাৰ সময়ত এ ডি এফ চি বেংকে কৈছিল যে বিক্ৰীৰ বাবে দিয়া অফাৰত এন এছ ডি এলৰ ২ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰিব। এন এছ ডি এলত এইচ ডি এফ চি বেংকৰ মুঠ অংশীদাৰিত্ব ৮.৯৫ শতাংশ। এন এছ ডি এলে বিত্তীয় আৰু ছিকিউৰিটিজ বজাৰৰ সৈতে জড়িত সামগ্ৰী আগবঢ়ায়। ১৯৯৬ চনত ডিপ’জিটৰী আইন প্ৰৱৰ্তনৰ পিছত দেশত ডিমেট একাউণ্টৰ প্ৰথা বৃদ্ধিত এন এছ ডি এলৰ ডাঙৰ অৱদান আছে। এন এছ ডি এল আই পি অ’তো কৰ্মচাৰীসকলক ৰেহাই দিয়া হ’ব। এন এছ ডি এলৰ শ্বেয়াৰ বি এছ ইত তালিকাভুক্ত হ’ব।

এন এছ ডি এলৰ আই পি অ’ আহিব কিন্তু প্ৰথমে আন এটা ডিপ’জিটৰী কোম্পানী চি এছ ডি এল ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হৈছে যিয়ে তালিকাভুক্ত হোৱাৰ পিছত নিজৰ বিনিয়োগকাৰীক মাল্টিবেগাৰ ৰিটাৰ্ণ দিছে। বৰ্তমান চি এছ ডি এলৰ শ্বেয়াৰ ১৩৫৮ টকাত ব্যৱসায় হৈ আছে আৰু বিগত পাঁচ বছৰত এই ষ্টকটোৱে ৫৫০ শতাংশতকৈ অধিক ৰিটাৰ্ণ দিছে।