newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

টোল টেক্সঃ দ্বাৰকা এক্সপ্ৰেছৱেত নাথাকিব কোনো টোল প্লাজা, দেশত প্ৰথমবাৰৰ বাবে লোৱা হৈছে এই বিশেষ পদক্ষেপ

BNE News Desk , October 5, 2024
Spread the love
Share on Twitter

বহু আধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা হৈছে দ্বাৰকা এক্সপ্ৰেছৱে। দিল্লী এনচিআৰত যান-বাহন ব্যৱস্থা উন্নত কৰাৰ বাবে ইয়াক বিকশিত কৰা হৈছে। এই আধুনিক পথটো দেশৰ প্ৰথমটো টোল প্লাজা নথকা এক্সপ্ৰেছৱে হ’বলৈ গৈ আছে। ইয়াৰ নাম দিয়া হৈছে Free Flow Tolling system। ইয়াত FASTag আৰু কেমেৰাৰ সহায়ত স্বয়ংক্ৰিয়ভাৱে টোল কৰ্তন কৰা হ’ব। ইয়াৰ সহায়ত দ্বাৰকা এক্সপ্ৰেছৱে’ত জামৰ সমস্যা নহ’ব।  
 

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ব্যৱস্থা ৰূপায়ণৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। আগন্তুক কেইমাহমানৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰা হ’ব। ফ্ৰী ফ্ল’ ট'লিং ব্যৱস্থাৰ সহায়ত ২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঘাইপথত ক’তো টোল প্লাজা নিৰ্মাণৰ প্ৰয়োজন নহ’ব। ইয়াত স্থাপন কৰা হাই পাৱাৰ কেমেৰা সমূহে ঘণ্টাত ১০০ কিলোমিটাৰ বেগতো গাড়ীসমূহত স্থাপন কৰা ফাষ্টেগ পঢ়িব পাৰিব। ইয়াৰ সহায়ত টোল'ও কৰ্তন কৰা হ’ব। দাবী কৰা হৈছে যে এই ফ্ৰী ফ্ল’ ট'লিং ব্যৱস্থাই দেশত উপগ্ৰহ ভিত্তিক টোল সংগ্ৰহৰ ভিত্তিও হ’ব পাৰে।
   

বৰ্তমান সকলো এক্সপ্ৰেছ ৱে’তে টোল প্লাজা নিৰ্মাণ কৰা হৈছে। ইয়াত ফাষ্টাগৰ সহায়ত টোল সংগ্ৰহ কৰা হয়। বৰ্তমান এই দ্বাৰকা এক্সপ্ৰেছৱেত ট'লৰ হাৰ নিৰ্ধাৰণ কৰা হোৱা নাই। দ্বাৰকা এক্সপ্ৰেছৱেৰ বাবে দিল্লী-গুৰুগ্ৰাম সীমান্তত স্থাপন কৰা হ’ব এই ব্যৱস্থা। ইয়াৰ উপৰিও এনএইচএআইয়ে পথ পৰিবহণ মন্ত্ৰালয়ৰ পৰাও বাহন ব্যৱস্থাৰ পৰিৱৰ্তনৰ দাবী জনাইছে যাতে অনাদায় ট'ল আদায় কৰিব পৰা যায়।
   

 দ্বাৰকা এক্সপ্ৰেছৱেৰ দৈৰ্ঘ্য প্ৰায় ২৯ কিলোমিটাৰ। ইয়াৰ নিৰ্মাণৰ বাবে প্ৰায় ৯ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। ইয়াক দেশৰ প্ৰথমটো উচ্চ নগৰীয়া এক্সপ্ৰেছৱে বুলি কোৱা হয়। ইয়াত ৪টা স্তৰ নিৰ্মাণ কৰা হৈছে। ইয়াত সুৰংগ আণ্ডাৰপাছ, পথ, উচ্চ উৰণীয়া সেতু আৰু উৰণীয়া সেতুৰ ওপৰেৰে উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে। দেশৰ প্ৰথম ৯ কিলোমিটাৰ ৮ লেন ফ্লাই অভাৰ আৰু ৬ লেন চাৰ্ভিচ ৰোডো এই এক্সপ্ৰেছৱেৰ অংশ। দিল্লীত ইয়াৰ ব্যাসাৰ্ধ হ’ব ১০.১ কিলোমিটাৰ। একক স্তম্ভৰ ওপৰত নিৰ্মিত এইটোৱেই হ’ব দেশৰ প্ৰথমটো এক্সপ্ৰেছৱে।