newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

জুন ত্ৰৈমাসিকত নেচলে ইণ্ডিয়াৰ লাভ ৭ শতাংশ বৃদ্ধি পাই ৭৪৬.৬ কোটি টকা হয়

BNE News Desk , July 25, 2024
Spread the love

এফএমচিজিৰ কোম্পানী নেচলে ইণ্ডিয়া লিমিটেডৰ বৃহস্পতিবাৰে ২০২৪ চনৰ জুন মাহত সমাপ্ত হোৱা ত্ৰৈমাসিকৰ নিকা লাভ ৬.৯ শতাংশ বৃদ্ধি পাই ৭৪৬.৬০ কোটি টকা হৈছে।

নেচলে ইণ্ডিয়াৰ পৰা ৰেগুলেটৰী ফাইলিঙত প্ৰকাশ পোৱা অনুসৰি এবছৰৰ পূৰ্বে এপ্ৰিল-জুন একে সময়ছোৱাত কোম্পানীটোৱে ৬৯৮.৩৪ কোটি টকাৰ নিকা লাভ লাভ কৰিছিল।

জুন ত্ৰৈমাসিকত সামগ্ৰী বিক্ৰীৰ পৰা নেচলে ইণ্ডিয়াৰ ৰাজহ ৩.৭৫ শতাংশ বৃদ্ধি পাই ৪,৭৯২.৯৭ কোটি টকা হৈছে। যোৱা বিত্তীয় বর্ষৰ সংশ্লিষ্ট সময়ছোৱাত ৪,৬১৯.৫০ কোটি টকা আছিল৷

জুন ত্ৰৈমাসিকত ইয়াৰ মুঠ ব্যয় ২.৭ শতাংশ বৃদ্ধি পাই ৩,৮৪৪.০১ কোটি টকা হৈছে।

জুন ত্ৰৈমাসিকত নেচলে ইণ্ডিয়াৰ ঘৰুৱা বিক্ৰী ৪.২৪ শতাংশ বৃদ্ধি পাই ৪,৬০৮.৫০ কোটি টকা হয়, যিটো বিগত বছৰৰ একে সময়ছোৱাত ৪,৪২০.৭৭ কোটি টকা।

অৱশ্যে ইয়াৰ ৰপ্তানি ৭.১৭ শতাংশ হ্ৰাস পাই ১৮৪.৪৭ কোটি টকা হৈছে।

অন্যান্য পৰিচালন ৰাজহকে ধৰি পৰিচালনাৰ পৰা নেচলে ইণ্ডিয়াৰ ৰাজহ ৪,৮১৩.৯৫ কোটি টকা, ৩.৩৩ শতাংশ বৃদ্ধি। বিগত জুন ত্ৰৈমাসিকত ৪,৬৫৮.৫৩ কোটিত আছিল।

ইয়াৰ মুঠ আয় ৩.৬৪ শতাংশ বৃদ্ধি পাই ৪,৮৫৩.০৭ কোটি টকা হৈছে।

বৃহস্পতিবাৰে বিএছইত বিয়লিৰ ব্যৱসায়ত নেচলে ইণ্ডিয়াৰ শ্বেয়াৰ ২৪৯৮.২৫ টকাকৈ ব্যৱসায় হয়, যিটো পূৰ্বৰ বন্ধৰ তুলনাত ১.৭৯ শতাংশ হ্ৰাস পাইছে।