newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

শ্বেয়াৰ মাৰ্কেট সাপ্তাহিকভাৱে ধনী, তিনিটা আই পি অ’ত ২.২২ লাখ কোটি টকাৰ

BNE News Desk , December 14, 2024
Spread the love
Share on Twitter

শ্বেয়াৰ মাৰ্কেটত আকৌ এবাৰ বসন্ত আহিছে আৰু ইয়াৰ গৌৰৱ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। ইকুইটি বিনিয়োগকাৰীৰ আস্থা পুনৰ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে আৰু অধিক উপাৰ্জনৰ আশা বৃদ্ধি পাইছে। ইয়াৰ ফলত শুকুৰবাৰে সমাপ্ত হোৱা ট্ৰেডিং উইকত বিনিয়োগকাৰীয়ে তিনিটা আই পি অ’ৰ বাবে ২ লাখ ২২ হাজাৰ কোটি টকাৰ নিবিদা আগবঢ়াইছে। বিনিয়োগকাৰীয়ে মবিকৱিকৰ ১১৯ গুণ, বিশাল মেগামাৰ্টৰ ২৭ গুণ আৰু ছাই লাইফৰ ১০.৩ গুণ শ্বেয়াৰ ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।    

আই পি অ’ৰ প্ৰতি বিনিয়োগকাৰীৰ প্ৰৱণতালৈ চালে দেখা যায় যে দুৰ্বল তালিকাভুক্তিৰ দুঃস্বপ্ন এতিয়া হয়তো শেষ হৈ গৈছে। শ্বেয়াৰ ক্ৰয়ৰ প্ৰস্তাৱ দিয়াৰ বেয়া পৰ্যায়টোও এতিয়া নাইকিয়া হৈ গৈছে। তিনিওটা আই পি অ’ই একেলগে ১১,৬০০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰিছে। ফাৰ্মা জায়ান্ট ছাই লাইফ চাইন্সেছৰ বাবে ২২ হাজাৰ কোটিতকৈ অধিক টকাৰ নিবিদা। একেদৰে ডিজিটেল পেমেণ্ট খণ্ডৰ আগশাৰীৰ কোম্পানী মবিকুইক চিষ্টেমে ১১৯ গুণ অধিক শ্বেয়াৰ ক্ৰয়ৰ প্ৰস্তাৱৰ সৈতে ৩৯ হাজাৰ ৫৪২ কোটি টকাৰ বিড লাভ কৰিছে। একে সময়তে ২৭.৩ গুণ চাবস্ক্ৰিপচন লাভ কৰা ফেশ্বন খুচুৰা বিক্ৰেতা বিশাল মেগামাৰ্টৰ বাবে ১ লাখ ৬০ হাজাৰ কোটি টকাৰ বিড লাভ কৰিছে। অক্টোবৰ-নৱেম্বৰ মাহত প্ৰায়বোৰ আই পি অ’ৰ দুৰ্বল ফলাফলৰ পিছত এই তিনিটা আই পি অ’ৰ প্ৰদৰ্শনে বজাৰত আশাৰ সঞ্চাৰ কৰিছে। ছেপ্টেম্বৰ মাহত নিফ্টি ৫০ সূচকাংক অভিলেখ সৃষ্টিৰ পৰা ১০ শতাংশ হ্ৰাস পোৱাৰ পিছতো এই আই পি অ’সমূহৰ ওপৰত বিশেষ প্ৰভাৱ পৰা নাই।

ALSO READ: কোটিপতি কৰ আৰোপ কৰাটো ভাৰতৰ বাবে আত্মঘাতী, অৰ্থনীতি হ’ব নষ্ট- চি ই এ

তিনিওটা আই পি অ’ৰ ভাল প্ৰদৰ্শনৰ বাবে শ্বেয়াৰ বজাৰৰ কাষত পৰি থকা কোম্পানীসমূহৰ মাজত উৎসাহৰ সৃষ্টি হৈছে। নৱেম্বৰৰ নিম্ন স্তৰৰ পৰা বজাৰত তীব্ৰ উত্থানৰ পিছত আশাৰ ঢৌ উঠিছে। যোৱা মাহৰ নিম্ন স্তৰৰ তুলনাত ৬ শতাংশ বৃদ্ধি পাইছে নিফটি ৫০ সূচকাংক। বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী (এফপিআই)ৰ ওলোটা ধাৰাটোৰ বাবেও শ্বেয়াৰ বজাৰখনে শক্তি লাভ কৰিছে।