newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

হিৰো মট’ কৰ্পঃ আয়কৰৰ পৰা বৃহৎ সকাহ লাভ কৰিলে হিৰো মট’ কৰ্প, ২৩০০ কোটি টকাৰ কৰ দাবী বাতিল

BNE News Desk , July 26, 2024
Spread the love

দুচকীয়া বাহন কোম্পানী হিৰো মট’কৰ্পে আয়কৰৰ ক্ষেত্ৰত ডাঙৰ সকাহ পাইছে। শেহতীয়াকৈ আয়কৰ আপীল ন্যায়াধিকৰণে এটা আদেশত কোম্পানীটোক এই সকাহ প্ৰদান কৰি ২৩০০ কোটি টকাৰ ওপৰৰ কৰ দাবীৰ অৰ্ডাৰ বাতিল কৰিছে। কোম্পানীয়ে এই তথ্য দিছে।

হিৰো মট’ কৰ্পে ২৫ জুলাই বৃহস্পতিবাৰে আয়কৰ আপীল ন্যায়াধিকৰণৰ (আইটিএটি) শেহতীয়া সিদ্ধান্তৰ বিষয়ে ষ্টক এক্সচেঞ্জসমূহক অৱগত কৰে। কোম্পানীটোৱে দিয়া তথ্য অনুসৰি ২০২১-২২ চনৰ মূল্যায়ন বৰ্ষৰ বাবে আয়কৰ বিভাগে কোম্পানীটোলৈ প্ৰেৰণ কৰা ২,৩৩৬.৭১ কোটি টকাৰ কৰ দাবীৰ অৰ্ডাৰ আইটিএটে বাতিল কৰিছে।

কোম্পানীটোৰ মতে, আয়কৰ আপীল ন্যায়াধিকৰণে শেহতীয়া নিৰ্দেশত নিজৰ আবেদন মানি লৈ আয়কৰ দাবী আদেশক অবৈধ বুলি ঘোষণা কৰিছে। এইদৰে হিৰো মট’ কৰ্পৰ ২৩০০ কোটিতকৈ অধিক টকাৰ কৰ দাবী অবৈধ হৈ পৰিছে। আয়কৰ বিভাগৰ কৰ দাবীৰ আদেশৰ বিৰুদ্ধে আপীল ন্যায়াধিকৰণত আবেদন দাখিল কৰিছিল হিৰো মট’ কৰ্পে।

এই বিষয়টো প্ৰায় এদশক পূৰ্বে ভাৰতীয় কোম্পানী হিৰো আৰু জাপানী কোম্পানী হোণ্ডাৰ মাজত জেভি পৃথক হোৱাৰ সৈতে জড়িত। ইয়াৰ পূৰ্বে হিৰো আৰু হোণ্ডাই একেলগে হিৰো হোণ্ডা নামেৰে যৌথ উদ্যোগ চলাইছিল আৰু ভাৰতীয় বজাৰত হিৰো হোণ্ডা ব্ৰেণ্ড নামেৰে দুচকীয়া বাহন বিক্ৰী কৰিছিল। ২০১০ চনত এই যৌথ উদ্যোগটো বন্ধ কৰা হৈছিল। সেই সময়ত স্বাক্ষৰিত চুক্তিৰ অধীনত হোণ্ডাই যৌথ উদ্যোগটোৰ সমগ্ৰ অংশীদাৰিত্ব হিৰো গ্ৰুপক বিক্ৰী কৰিছিল। তাৰ পিছৰে পৰা হিৰো গ্ৰুপ আৰু হোণ্ডা দুয়োখনেই ভাৰতীয় বজাৰত সুকীয়াকৈ দুচকীয়া বাহনৰ ব্যৱসায় কৰি আছে।

যৌথ উদ্যোগ হিৰো হোণ্ডা মটৰ লিমিটেডৰ ২৬ শতাংশ অংশীদাৰিত্ব আছিল হোণ্ডাৰ। হিৰো গ্ৰুপৰ হিৰো ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডে ৩,৮৪১.৮৩ কোটি টকাত হোণ্ডাৰ ২৬ শতাংশ অংশীদাৰিত্ব (৫.১৯ কোটি শ্বেয়াৰ) ক্ৰয় কৰিছিল। প্ৰতি শ্বেয়াৰত ৭৩৯ টকাৰ হাৰত অফ মাৰ্কেটত এই চুক্তি কৰা হৈছিল। আয়কৰ বিভাগৰ কৰ দাবী একেটা চুক্তিৰ সৈতে জড়িত আছিল। অৱশ্যে এই চুক্তিৰ বিপৰীতে বাকী থকা কৰ পৰিশোধ কৰা বুলিও হিৰোৱে কয়।