newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

HCL Tech ৰ বিজয়কুমাৰ কৰ্মচাৰীতকৈ ৭০০ গুণ বেছি উপাৰ্জন কৰি সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয়  CEO হিচাপে পৰিগণিত

BNE News Desk , July 25, 2024
Spread the love

এইচ চি এল টেকৰ চি ই অ’ চি বিজয়াকুমাৰ ভাৰতীয় আই টি কোম্পানীসমূহৰ সৰ্বাধিক উপাৰ্জনকাৰী চি ই অ’ হিচাপে পৰিগণিত হৈছে। ২০২৪ চনৰ বিত্তীয় বৰ্ষত কোম্পানীটোৱে তেওঁৰ পেকেজ বছৰি ১৯০ শতাংশতকৈ অধিক বৃদ্ধি কৰিছে। তেওঁৰ বাৰ্ষিক আয় প্ৰায় ১০.০৬ লাখ ডলাৰ অৰ্থাৎ ৮৪.১৬ কোটি টকা হৈছেগৈ। চি বিজয়কুমাৰৰ পিছত এই তালিকাত দ্বিতীয় স্থানত আছে ইনফ’ছিছৰ চিইঅ’ সলিল পাৰেখৰ নাম। তেওঁৰ বাৰ্ষিক পেকেজৰ কথা কওঁতে তেওঁক দিয়া হৈছে ৬৬.২৫ কোটি টকাৰ পেকেজ।

২২ জুলাইত এইচ চি এল টেকে দাখিল কৰা প্ৰতিবেদন অনুসৰি চি বিজয়কুমাৰক ১৯.৬ লাখ ডলাৰ অৰ্থাৎ ১৬.৩৯ কোটি টকা মৌলিক দৰমহা হিচাপে দিয়া হৈছে। ইয়াৰ লগতে কোম্পানীয়ে তেওঁক ১১.৪০ লাখ ডলাৰ অৰ্থাৎ ৯.৫৩ কোটি টকাৰ পাৰফৰমেন্স লিংকড বোনাছ দিছে। কোম্পানীটোৱে তেওঁক ২.৩৬ লাখ ডলাৰ অৰ্থাৎ ১.৯৭ কোটি টকা দীৰ্ঘম্যাদী প্ৰৰোচনা হিচাপে লাভ কৰিছে। বাকী থকা ধনখিনি তেওঁ ষ্টক ইউনিট, ভাট্টা আদি ৰূপত লাভ কৰিছিল। এই প্ৰতিবেদনত এইটোও দেখা গৈছে যে বিজয়কুমাৰৰ দৰমহা সাধাৰণ এইচ চি এল টেকৰ কৰ্মচাৰীৰ ৭০৭.৪৬ গুণ পৰ্যন্ত।

শেহতীয়াকৈ এইচ চি এল টেকৰ চি ই অ’ বিজয়কুমাৰে শ্বেয়াৰহোল্ডাৰসকললৈ এখন পত্ৰ লিখি কোম্পানীটোৰ কাম-কাজৰ বিষয়ে অৱগত কৰিছে। তেওঁ কয় যে যোৱা বিত্তীয় বৰ্ষত কোম্পানীটোৰ ৰাজহ বছৰি ৫.৪ শতাংশ বৃদ্ধিৰে ১৩.৩ বিলিয়ন ডলাৰ হৈছেগৈ। ইয়াৰ লগতে তেওঁ এইচচিএলৰ ইবিআইটি মাৰ্জিন ১৮.২ শতাংশ হোৱা বুলিও জনায়। অনাগত দিনত GenAI, ক্লাউড, ডাটা আৰু চাইবাৰ ছিকিউৰিটিৰ দৰে বিষয়ত আশাৰ ৰেঙণি দেখা গৈছে কোম্পানীটোৱে।