গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আন্ত: ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে দেশৰ বহু কেইখন ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস । ছত্তিশগড়, মধ্য প্ৰদেশ, পাঞ্জাৱ, কৰ্ণাটক, তামিলনাডু, পণ্ডিচেৰী আৰু চণ্ডীগড় এই কেইখন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
এই অনুষ্ঠানত ৰাজ্যকেইখনৰ বহু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সপত্নীক অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে ভাষণ প্ৰদান কৰে ।
ALSO READ: Govt Launches Rs 500 Crore Scheme To Support Medtech Industry
ইয়াৰ উপৰিও গুৱাহাটীৰ বৰ্তমানৰ সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, মেয়ৰ মৃগেন শৰণীয়া, এডভকেট জেনেৰেল দেৱজিৎ শইকীয়াকে আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে ।