প্ৰিমিয়াম আৱাসিক সম্পত্তিৰ প্ৰবল চাহিদাৰ মাজতে গুৰুগ্ৰামত নতুন বিলাসী গৃহ নিৰ্মাণ প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰায় ১০০০ কোটি টকা বিনিয়োগ কৰিব ৰিয়েলটি প্ৰতিষ্ঠান ইমাৰ ইণ্ডিয়াই।
গুৰুগ্ৰামৰ গলফ কোৰ্চ এক্সটেনচন ৰোডৰ ছেক্টৰ ৬২ত কোম্পানীটোৱে আৰম্ভ কৰিছে নতুন প্ৰজেক্ট ‘আমাৰিছ’।
ইমাৰ ইণ্ডিয়াৰ চিইঅ’ কল্যাণ চক্ৰৱৰ্তীয়ে পিটিআইক জনায়, "আমি গুৰুগ্ৰামত এটা নতুন গৃহ নিৰ্মাণ প্ৰকল্প আৰম্ভ কৰিছো। গ্ৰাহকৰ পৰা আমি প্ৰচণ্ড সঁহাৰি পাইছো।"
তেওঁ কয় যে কোম্পানীটোৱে এই ৬.২ একৰ প্ৰকল্পত ৫২২টা এপাৰ্টমেণ্ট উন্নয়ন কৰিব, য’ত ১৫ লাখ বৰ্গফুটৰ উন্নয়নৰ সম্ভাৱনা থাকিব।
প্ৰকল্পৰ ব্যয় সন্দৰ্ভত সোধাত চক্ৰৱৰ্তীয়ে কয় যে ভূমি খৰচ বাদ দি প্ৰায় ১০০০ কোটি টকা হ’ব।
এই প্ৰকল্পৰ পৰা মুঠ ৰাজহৰ সম্ভাৱনা প্ৰায় ২৫০০ কোটি টকা বুলিও তেওঁ কয়।
চক্ৰৱৰ্তীয়ে কয় যে এই প্ৰকল্পটোৱে আমাৰ গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সৈতে মিল থকা আৰু উচ্চতম ডিজাইনৰ মানদণ্ড ৰক্ষা কৰা উচ্চমানৰ জীৱন-যাপনৰ স্থান প্ৰদানৰ বাবে ইমাৰৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে।
আগন্তুক পাঁচ বছৰত এই প্ৰকল্প সম্পূর্ণ হ’ব বুলিও তেওঁ কয়৷
চক্ৰৱৰ্তীয়ে কয় যে আমি ভৱিষ্যতৰ বাবে সাজু, পৰিৱেশ সচেতন, আৰু শ্ৰেণীৰ ভিতৰতে উত্তম সুবিধাৰে সজ্জিত আৰু সৰ্বোপৰি কাৰ্বন ফুটপ্ৰিণ্ট লঘু হোৱা ঘৰসমূহ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
ইমাৰ ইণ্ডিয়া ডুবাইস্থিত ইমাৰ গ্ৰুপৰ অংশ।
ইমাৰ ইণ্ডিয়াৰ সমগ্ৰ দিল্লী-এনচিআৰ, মোহলী, লক্ষ্ণৌ, ইন্দোৰ আৰু জয়পুৰত আৱাসিক আৰু বাণিজ্যিক স্থানৰ পৰ্টফলিঅ’ আছে।
ALSO READ: Biogas Plants In NE Underscores India’s Proactive Role In Addressing Global Climate Change
ইমাৰ প্ৰপাৰ্টিজে ২০০৫ চনত ভাৰতৰ এম জি এফ ডেভেলপমেণ্টৰ সৈতে অংশীদাৰিত্বৰে ভাৰতীয় ৰিয়েল এষ্টেট বজাৰত প্ৰৱেশ কৰিছিল আৰু যৌথ উদ্যোগ প্ৰতিষ্ঠান ইমাৰ এম জি এফ লেণ্ডৰ জৰিয়তে ৮৫০০ কোটি টকা বিনিয়োগ কৰিছিল।
২০১৬ চনৰ এপ্ৰিল মাহত ইমাৰ প্ৰপাৰ্টিজে ডিমাৰ্জাৰৰ জৰিয়তে জেভিৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়।