ভাৰতৰ বাবে সকাহ পোৱাৰ খবৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰৰ তললৈ নামিছে। ২০২৩ চনৰ ডিচেম্বৰৰ পিছত যোৱা ৯ মাহৰ ভিতৰত খাৰুৱা তেলৰ মূল্যৰ এইটোৱেই সৰ্বনিম্ন স্তৰ। ডব্লিউ টি আই ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰৰ তলত ৬৯.৬৮ ডলাৰ হোৱাৰ বিপৰীতে ব্ৰেণ্ট ক্ৰুড অইলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৭৩ ডলাৰ। ভাৰতে ইয়াৰ ব্যৱহাৰৰ ৮০ শতাংশতকৈ অধিক খাৰুৱা তেল আমদানি কৰে।
খাৰুৱা তেলৰ চাহিদা হ্ৰাস পোৱাৰ আশংকাত খাৰুৱা তেলৰ মূল্যত এই হ্ৰাস দেখা গৈছে। বিশেষকৈ চীনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে চাহিদা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। একে সময়তে লিবিয়াৰ পৰা খাৰুৱা তেলৰ ৰপ্তানি আৰম্ভ হোৱাৰ আশাৰ বাবেও খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে। লিবিয়াৰ প্ৰতিদ্বন্দ্বী চৰকাৰসমূহৰ মাজত হোৱা বিবাদৰ পিছত তাত থকা তৈলখাদসমূহ বন্ধ কৰি দিয়া হয় আৰু ৰপ্তানি টাৰ্মিনেলসমূহো বন্ধ কৰা হয়। কিন্তু লিবিয়াৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ নিযুক্তিৰ চুক্তিৰ পিছত এই বিবাদ নিষ্পত্তি হোৱাৰ সম্ভাৱনা থকাৰ পিছত যোগান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। একে সময়তে অ’পেক দেশসমূহে খাৰুৱা তেলৰ উৎপাদন কৰ্তনৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। এই সকলোবোৰ কাৰণতে খাৰুৱা তেলৰ যোগান বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে।
খাৰুৱা তেলৰ মূল্যৰ ব্যাপক হ্ৰাসৰ ফলত চৰকাৰী তেল কোম্পানীসমূহে যথেষ্ট লাভৱান হ’ব। সস্তাত খাৰুৱা তেল পাব। কিন্তু ইয়াৰ দ্বাৰা গ্ৰাহকে লাভৱান হ’ব নে নহয় সেয়া এক ডাঙৰ প্ৰশ্ন। ২০২৪ চনৰ আগষ্ট মাহত চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল বিক্ৰী কৰি প্ৰতি লিটাৰত ৯.৩ টকা আৰু ডিজেল বিক্ৰী কৰি প্ৰতি লিটাৰত ৭.৬ টকা লাভ কৰিছিল, যিটো এতিয়া প্ৰতি লিটাৰ ১৪ আৰু ১৩ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ দ্বিতীয় ত্ৰৈমাসিকত জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰী তেল কোম্পানীসমূহে শক্তিশালী লাভৰ সম্ভাৱনা আছে। কিন্তু গ্ৰাহকে কিবা পাব নে নাই কোৱা টান।
খাৰুৱা তেলৰ মূল্যৰ এই হ্ৰাস দীৰ্ঘদিন ধৰি চলি থাকিলে চৰকাৰৰ ওপৰত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ হেঁচা বাঢ়িব পাৰে। বিশেষকৈ ডিজেলৰ মূল্য হ্ৰাসৰ চাপ বৃদ্ধি পাব পাৰে যাৰ বাবে মালবাহী পৰিবহণ সস্তা হ’ব পাৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ খাদ্য সামগ্ৰীৰ মূল্যত পৰিব, যাৰ ফলত আৰ বি আইৰ উদ্বেগ বৃদ্ধি পাইছে। সুতৰ হাৰ কৰ্তনৰ পথত উচ্চ মুদ্ৰাস্ফীতিৰ হাৰ আটাইতকৈ ডাঙৰ বাধা হৈয়েই আছে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাসে মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে, যাৰ ফলত সুতৰ হাৰ হ্ৰাসৰ পথ মুকলি হ’ব পাৰে।