সোমবাৰে অৰুণাচল প্ৰদেশত ৩,৬৮৯ কোটি টকাৰ বিনিয়োগৰ সৈতে জড়িত দুটা জলবিদ্যুৎ প্ৰকল্পত অনুমোদন জনাইছে কেবিনেট কমিটীয়ে।
কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত কয় যে অৰুণাচল প্ৰদেশৰ শ্বি যোমি জিলাত ১৮৬ মেগাৱাট টেটো-আই জল বৈদ্যুতিক প্ৰকল্প নিৰ্মাণৰ বাবে ১৭৫০ কোটি টকা আৰু ২৪০ মেগাৱাট হেও হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰকল্পৰ বাবে ১,৯৩৯ কোটি টকাৰ বিনিয়োগত চিচিইএ অনুমোদন জনাইছে।
প্ৰকল্প দুটাৰ পৰা উৎপাদিত বিদ্যুৎ অৰুণাচল প্ৰদেশৰ বিদ্যুৎ যোগানৰ অৱস্থা উন্নত কৰাত সহায় কৰিব আৰু ৰাষ্ট্ৰীয় গ্ৰীডৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড (নীপকো) আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ উদ্যোগ কোম্পানীৰ জৰিয়তে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ’ব।
টেটো-আই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ইকুইটি শ্বেয়াৰৰ দিশত ১২০.৪৩ কোটি টকাৰ কেন্দ্ৰীয় আৰ্থিক সাহায্যৰ উপৰিও সক্ষম আন্তঃগাঁথনিৰ অধীনত পথ, দলং আৰু সংশ্লিষ্ট ট্ৰেন্সমিছন লাইন নিৰ্মাণৰ বাবে বাজেট সহায় হিচাপে ৭৭.৩৭ কোটি টকা বৃদ্ধি কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়।
হেও প্ৰকল্পৰ বাবে ভাৰত চৰকাৰে ৰাজ্যৰ ইকুইটি শ্বেয়াৰৰ দিশত ১৩০.৪৩ কোটি টকাৰ কেন্দ্ৰীয় আৰ্থিক সাহায্যৰ উপৰিও সক্ষম আন্তঃগাঁথনিৰ অধীনত পথ, দলং আৰু সংশ্লিষ্ট ট্ৰেন্সমিছন লাইন নিৰ্মাণৰ বাবে বাজেট সমৰ্থন হিচাপে ১২৭.২৮ কোটি টকা বৃদ্ধি কৰিব বুলিও তেওঁ লগতে কয়।
ৰাজ্যখনে অঞ্চলটোৰ উল্লেখযোগ্য আন্তঃগাঁথনি উন্নয়ন আৰু আৰ্থ-সামাজিক উন্নয়নৰ উপৰিও ১২ শতাংশ বিনামূলীয়া শক্তি আৰু স্থানীয় এলেকা উন্নয়ন পুঁজিৰ দিশত আৰু ১ শতাংশ লাভৱান হ’ব।
১৫ কোটি টকাৰ নিবেদিত প্ৰকল্প পুঁজিৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পৰাকৈ অত্যাৱশ্যকীয় আন্তঃগাঁথনি যেনে চিকিৎসালয়, বিদ্যালয়, আই টি আই, বজাৰ, খেলপথাৰ আদিৰ দৰে বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান নিৰ্মাণৰ জৰিয়তেও জিলাখনে লাভৱান হ’ব।