অসম উদ্যোগী গোটৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলাৰ আয়োজক হৈছে ৰাজলক্ষ্মী শইকীয়া লাহন। এই প্ৰদৰ্শনীত পৰম্পৰাগত খাদ্য, হস্তশিল্প, কৰ্মশালা, ক্ৰীড়া প্ৰতিযোগিতা, নৃত্য আৰু সংগীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ ভেটাপাৰাস্থিত দুৰ্গামন্দিৰ চৌহদত অনুষ্ঠিত হৈছে এই মেলা।
ৰাজলক্ষ্মীয়ে ২০২১ চনৰ পৰা ভোগালী মেলাৰ আয়োজন কৰি আহিছে। তেওঁ উল্লেখ কৰে যে প্ৰথম অনুষ্ঠানটো ১০,০০০ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছিল। লাহে লাহে বাজেট ২০,০০০ টকালৈ বৃদ্ধি পাইছিল আৰু এইবাৰ ২৭,০০০ টকাত উপনীত হৈছে বুলি জানিব পৰা গৈছে। তিনিদিনীয়া অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ উদ্যোগীসকলে ষ্টল এখনৰ বাবে ৩০০০ টকা পৰিশোধ কৰিব লাগিব বুলি তেখেতে জনায়।