newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এয়াৰটেলে ১২ দিনত এম পি-চত্তীশগড় চক্ৰত ৫.৭০ কোটি সম্ভাৱ্য স্পেম কল চিনাক্ত কৰে

BNE News Desk , October 10, 2024
Spread the love
Share on Twitter

টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে বুধবাৰে জনোৱা মতে, কৃত্ৰিম বুদ্ধিমত্তাৰে সজ্জিত নতুন ব্যৱস্থাৰ সহায়ত মধ্যপ্ৰদেশ-চত্তীশগড় চক্ৰত মাত্ৰ ১২ দিনৰ ভিতৰত ৫.৭০ কোটি সম্ভাৱ্য স্পেম কল চিনাক্ত কৰিছে।

"এআইৰে সজ্জিত আমাৰ নতুন ব্যৱস্থাৰ সহায়ত আমি ১২ দিনৰ ভিতৰত মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত ৫.৭০ কোটি সম্ভাৱ্য স্পেম কল চিনাক্ত কৰিছো।"
এই ব্যৱস্থাৰ জৰিয়তে তেৰ লাখ সম্ভাৱ্য স্পেম এছএমএছও ধৰা পৰিছে।’ ভাৰতী এয়াৰটেলৰ মধ্যপ্ৰদেশ-চত্তীশগড় চক্ৰৰ চিইঅ’ ৰিতেশ আগৰৱালাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

আগৰৱালাৰ মতে ভাৰতী এয়াৰটেলৰ এই অত্যাধুনিক ব্যৱস্থাই সম্ভাৱ্য স্পেম কল আৰু স্পেম এছএমএছ প্ৰায় ৯৭ শতাংশ সঠিকতাৰে চিনাক্ত কৰে।

তেওঁ এটা অনুমানৰ উদ্ধৃতি দি কয় যে ৬০ শতাংশ গ্ৰাহকে প্ৰতিদিনে তিনিটা বা তাতকৈ অধিক স্পেম কল লাভ কৰে, আনহাতে ৯০ শতাংশ গ্ৰাহকে কোনোবা নহয় কোনোবা স্পেম এছএমএছ লাভ কৰে।

আগৰৱালাই কয় যে ভাৰতী এয়াৰটেলৰ নতুন ব্যৱস্থাৰ সহায়ত দুয়োখন ৰাজ্যৰ কোম্পানীটোৰ প্ৰায় ১.৬০ কোটি গ্ৰাহকে কেৱল অবাঞ্চিত কল আৰু এছএমএছৰ পৰা সকাহ পোৱাই নহয়, চাইবাৰ ফ্ৰডৰ মাজত আবদ্ধ হোৱাৰ পৰাও হাত সাৰিব পাৰিব।