newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

গুৱাহাটীত অনুষ্ঠিত হ‘ব কৃষি উদ্যান শস্য মেলা-২০২৩

BNE News Desk , December 18, 2023
Spread the love
Share on Twitter

গুৱাহাটী: গুৱাহাটীত অনুষ্ঠিত হ‘ব কৃষি বিভাগৰ উদ্যোগত অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা-২০২৩.. যাৰ বাবে বৃহস্পতিবাৰে কৃষি মন্ত্ৰী অতুল বৰাই কৃষি ভৱনত সংবাদমেল সম্বোধন কৰে।

এই অনুষ্ঠানত তেখেতে ভাষণ প্ৰদান কৰি ১৬ ডিচেম্বৰৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ‘ব লগীয়া এই  উদ্যান শস্য মেলাৰ বিষয়ে সাংবাদিকক অৱগত কৰে। লগতে এই মেলাৰ পৰা কৃষকসকল কিদৰে লাভান্বিত হ‘ব এই বিষয়েও ভাষণ প্ৰদান কৰে। এই হ‘বলগীয়া কৃষি মেলা খনে খেতিয়কসকলক উৎসাহিত কৰাৰ লগতে কৃষকসকলৰ আয় বৃদ্ধিটো অৰিহণা যোগাব।

ইয়াৰ লগতে আত্মনিৰ্ভৰ অসম গঢ়াৰ লগতে মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন আচঁনিও ঘোষণা কৰা হৈছে। এই কৃষি উদ্যান শস্য মেলাৰ এইবাৰৰ থিম হৈছে “কৃষকৰ আয় বৃদ্ধিৰে স্ব-নিৰ্ভৰতাৰ দিশত এখোজ“। অৰ্থাৎ এই মেলাখনৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিত বহু পৰিমাণে গুৰুত্ব দিয়া হ‘ব । যাতে থলুৱা কৃষক সকল লাভৱান হয়। অহা ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ‘বলগীয়া কৃষি মেলাখন উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে এই উদ্বোধনী অনুষ্ঠানত বাংলাদেশ, ভূটান, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়া, ইৰাণ আদিকে ধৰি ১১ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ দলেও অংশগ্ৰহণ কৰিব। এই কৃষি মেলাৰ আন এটা গুৰুত্বপুৰ্ণ দিশ হ‘ল কাৰিকৰী অধিৱেশন। লগতে দেশ-বিদেশৰ ২৯ গৰাকী বিশেষজ্ঞই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। লগতে থাকিব ৫০ খন নাৰ্চাৰী, ৩০ খন থলুৱা খাদ্যৰ প্ৰদৰ্শনীৰ লগত্ ৩০ খনতকৈও অধিক ষ্টল। উল্লেখযোগ্য যে এই মেলাত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা হ‘ব ডগ শ্ব‘ প্ৰতিযোগিতা। 

প্ৰথম দিনা অৰ্থাৎ ১৬ ডিচেম্বৰত ১০,০০০ জন খেতিয়কক আমণ্ত্ৰণ কৰা হৈছে, য‘ত তেওঁলোকৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হ‘ব। এই সকলো কথা সংবাদমেল যোগে ঘোষণা কৰে কৃষি মন্ত্ৰী অতুল বৰাই। সাংবাদিকে এই মেলাৰ বাজেট সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত বৰাই কয় যে প্ৰায় ৭.৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে এই কৃষি আৰু উদ্যান শস্য মেলাৰ বাবে।

যিটোৰ হাৰ বিগত বৰ্ষত অনুষ্ঠিত কৃষি্ মেলাৰ তুলনাত যথেষ্ট বেছি। গুৱাহাটীত অনুষ্ঠিত এই কৃষি-উদ্যান শস্য মেলাৰ পৰা খেতিয়কসকল কিদৰে উপকৃত তথা লাভান্বিত হ‘ব সেয়াহে লক্ষ্যণীয় হ‘ব।

ALSO READ: Mentoring start-ups: Angel Investor applauds NE businesses for focus on local strengths