newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ভোডাফোন-আইডিয়াৰ এফ পি অ’ৰ শ্বেয়াৰ তালিকাভুক্ত

BNE News Desk , April 25, 2024
Spread the love
Share on Twitter

আজি এক্সচেঞ্জত তালিকাভুক্ত হৈছে ভোডাফোন-আইডিয়াৰ এফ পি অ’ শ্বেয়াৰ। এই এফ পি অ’টো দেশৰ এতিয়ালৈকে সৰ্ববৃহৎ এফ পি অ’ (ফ’ল’-অন পাব্লিক অফাৰ) আছিল আৰু ই ভাল সঁহাৰি পাইছিল যাৰ বাবে ইয়াক সাতবাৰ পূৰণ কৰা হৈছিল। আজি ইয়াৰ এফ পি অ’ শ্বেয়াৰৰ তালিকাভুক্তকৰণ ১০ শতাংশ ৰেহাইৰ সৈতে কৰা হৈছে।

আজি ভোডাফোন-আইডিয়াৰ এফ পি অ’ৰ তালিকাভুক্তকৰণৰ সময়ত আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলাও উপস্থিত থাকি আনন্দ প্ৰকাশ কৰে যে ই ভৱিষ্যতে ভোডাফোন-আইডিয়াৰ শ্বেয়াৰৰ বাবে সহায় কৰিব। লগতে চৰকাৰক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভোডাফোন আইডিয়া এক ৰাষ্ট্ৰীয় সম্পদ বুলিও কয়। এফ পি অ’ৰ পিছত এই মূলধন নেটৱৰ্ক সম্প্ৰসাৰণ আৰু প্ৰযুক্তিৰ বাবে ব্যৱহাৰ কৰাৰ বিপৰীতে ভোডা-আইডিয়া ২.০ মুকলি কৰা হ’ব। ভি কেৰ এফ পি অ’ৰ প্ৰতি ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰীয়ে ভাল উৎসাহ দেখুৱাইছিল, যিটো কোম্পানীটোৰ বাবে ভাল লক্ষণ বুলি গণ্য কৰা হয়।

১৮ এপ্ৰিলত ভোডাফোন আইডিয়াৰ এফ পি অ’ মুকলি কৰা হৈছিল আৰু ২০২৪ চনৰ ২২ এপ্ৰিলত আবেদনৰ অন্তিম তাৰিখ আছিল। কোম্পানীটোৱে প্ৰতিটো শ্বেয়াৰৰ মূল্যৰ বেণ্ড ১০-১১ টকা নিৰ্ধাৰণ কৰিছিল, তাৰ পিছত প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে যথেষ্ট চাবস্ক্ৰাইব কৰিছিল।
দেশৰ তৃতীয় বৃহত্তম টেলিকম কোম্পানী ভোডাফোন আইডিয়াই দেশৰ সৰ্ববৃহৎ ১৮০০০ কোটি টকাৰ এফ পি অ’ আনিছিল। এফ পি অ’ৰ পূৰ্বে ভিৰ ৫০১২ কোটি শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈছিল, আনহাতে আজি এফ পি অ’ৰ পিছত ১৬৩৬ কোটি শ্বেয়াৰ নতুনকৈ তালিকাভুক্ত হৈছে।

সংগ্ৰহ কৰা ধনেৰে কি কৰিব ভোডাফোন-আইডিয়াই?

এই এফ পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰ পৰা ১২,৭৫০ কোটি টকা ভোডাফোন-আইডিয়াই নতুন ছাইট স্থাপন আৰু বৰ্তমানৰ ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও এই ধনৰাশি ৫জি সেৱা আৰম্ভ কৰিবলৈও ব্যৱহাৰ কৰা হ’ব। এফ পি অ’ৰ জৰিয়তে লাভ কৰা ধনৰ ভিতৰত ২১৭৫ কোটি টকা টেলিকম বিভাগ আৰু জি এছ টি বিভাগৰ বাবদ ধন পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।

ALSO READ: KYC কৰা হওঁক বা নহওঁক, মিউচুৱেল ফাণ্ড হ’ব, ইয়াত পৰীক্ষা কৰক