newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

বন্দে ভাৰতঃ ৰে’লৱে বাতিল কৰিলে ৩০ হাজাৰ কোটি টকাৰ ১০০ বন্দে ভাৰত এক্সপ্ৰেছৰ নিবিদা, এই সন্দৰ্ভত বেয়া খবৰ

BNE News Desk , August 14, 2024
Spread the love
Share on Twitter

ভাৰতীয় ৰে’লৱেই ১০০খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ নিবিদা বাতিল কৰিছে। ব্যয়বহুল মূল্যৰ বাবে এই নিবিদা বাতিল কৰিছে ৰে’লৱেই। ৰে’লৱেই ১০০খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে ৩০ হাজাৰ কোটি টকাৰ নিবিদা উত্থাপন কৰিছিল। এই প্ৰকল্পৰ বাবে আলষ্টম ইণ্ডিয়াই সৰ্বনিম্ন মূল্য উল্লেখ কৰিছিল।

ফ্ৰান্সৰ এম এন চি এলষ্টম ইণ্ডিয়াৰ এম ডি অলিভিয়াৰ ল’ইছনে মানিকণ্ট্ৰ’লক জনাইছে যে আমি প্ৰতিখন ৰে’ল নিৰ্মাণৰ বাবে ১৫০.৯ কোটি টকাৰ মূল্য নিৰ্ধাৰণ কৰিছো। কিন্তু, ৰেলৱেই প্ৰতিখন ৰেলত ১৪০ কোটি টকাত এই চুক্তি কৰিব বিচাৰিছিল। আলষ্টমৰ উপৰিও চুইজাৰলেণ্ডৰ কোম্পানী ষ্টেডলাৰ ৰেল আৰু হায়দৰাবাদৰ মেধা চাৰ্ভো ড্ৰাইভছেও এই নিবিদাৰ বাবে নিবিদা দিছিল। এতিয়া ৰেলৱেই এই প্ৰকল্পৰ বাবে নতুন নিবিদা জাৰি কৰিব পাৰিব। নিবিদা লাভ কৰা কোম্পানীটোৱে ৭ বছৰত ১০০খন এলুমিনিয়াম ৰে’ল নিৰ্মাণ কৰিব লগা হৈছিল। এলুমিনিয়ামেৰে নিৰ্মিত ৰে’লবোৰ কেৱল লঘু নহয়, শক্তি খৰচো কম।

কিন্তু এতিয়ালৈকে ৰেলৱেই এই নিবিদা সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই। কিন্তু, অলিভিয়াৰ লয়ছনে ইতিমধ্যে নিশ্চিত কৰিছে। ভাৰত চৰকাৰক আমি সহযোগিতা আগবঢ়াই যাম বুলিও তেওঁ কয়। ইয়াৰ পূৰ্বে ২০০ কোটি বন্দে ভাৰত এক্সপ্ৰেছ নিৰ্মাণৰ নিবিদা প্ৰতিখন ৰে’লত ১২০ কোটি টকাৰ হাৰত দিয়া হৈছিল। সকলোবোৰ তীখাৰে নিৰ্মিত আছিল। আমি আমাৰ ফালৰ পৰা সঠিক দাম উল্লেখ কৰিছিলোঁ। এই ৰে’লবোৰ ঘণ্টাত ২২০ কিলোমিটাৰ গতিবেগ কৰিব পৰাকৈ গঢ়ি তুলিব লাগিছিল। আমি আত্মনিৰ্ভৰশীল ভাৰতৰ অভিযানৰ অধীনত যোগান শৃংখলৰ স্থানীয় ব্যৱস্থাও গঢ়ি তুলিবলৈ ওলাইছিলো।

ভাৰতীয় ৰেলৱেই আশা কৰিছিল যে এই নিবিদাৰ বাবে কমেও ৫টা কোম্পানী আগবাঢ়ি আহিব। অৱশ্যে কাৰিকৰী ৰাউণ্ডত বহু কোম্পানী আউট হৈছিল। কোম্পানীসমূহে প্ৰ’ট’টাইপ নিৰ্মাণৰ বাবে আৰ এণ্ড ডিৰ সুবিধা প্ৰদান কৰিবলগীয়া হৈছিল আৰু প্ৰতি বছৰে ৫ যোৰ ৰে’ল ডেলিভাৰী দিব লাগিছিল। নিবিদা লাভ কৰা কোম্পানীটোক ৰে’লৰ ডেলিভাৰীত ১৩ হাজাৰ কোটি টকা দিয়া হ’লহেঁতেন আৰু বাকী ১৭ হাজাৰ কোটি টকা ৩৫ বছৰৰ বাবে মেইণ্টেনেন্সৰ নামত দিয়া হ’লহেঁতেন৷